পুলৱামাৰ উত্তৰ পাব পাকিস্তানে! ক’ত কেনেকৈ পাব অপেক্ষা কৰক…

পুলৱামাৰ উত্তৰ পাব পাকিস্তানে! ক’ত কেনেকৈ পাব অপেক্ষা কৰক…

ডিজিটেল ডেস্কঃ পুলৱামাৰ আক্ৰমণৰ উত্তৰ দিয়া হ'ব পাকিস্তানক। এই সন্দৰ্ভত মুখ খুলিলে বিদেশ ৰাজ্য মন্ত্ৰী জেনেৰেল ভি কে সিঙে। চিআৰপিএফ জোৱানক হত্যা কৰা সন্ত্ৰাসবাদী আৰু পৃষপোষক দেশ পাকিস্তানৰ অৱস্থা এতিয়া থৰক-বৰক। বিশ্বৰ ৪০খনৰো অধিক দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মন্তব্য কৰি ভাৰতৰ পক্ষত থিয় হৈছে। এয়া আমাৰ কুটনৈতিক বিজয়।

পুলৱামাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ পাকিস্তানে কেনেকৈ পাব সেয়া আমি নিৰ্ধাৰণ কৰিম। ক'ত কেতিয়া সেই প্ৰত্যুত্তৰ দিয়া হ'ব সেয়াও নিৰ্ধাৰণ কৰিব ভাৰত চৰকাৰে। পাকিস্তানক সকীয়নি দি এই মন্তব্য কৰিলে বিদেশ মন্ত্ৰীগৰাকীয়ে। সম্পূৰ্ণ পৰিকল্পিতভাৱে ইয়াক সফলভাৱে ৰূপায়ন কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে, এই ঘটনা চোৰাংচোৱাৰ বিফলতাৰ বাবে সংঘটিত হ'ল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ সিঙে কয়- 'সেই বিষয়ে বিশ্লেষণ হৈ আছে। তাৰ পাছতহে আমি ইয়াৰ উত্তৰ দিব পাৰিম।' আমেৰিকৰ প্ৰসংগ টানি আনি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়-'পাকিস্তানত লাডেন লুকাই আছিল। কিন্তু সেই লাডেনক একেদিনাই আমেৰিকাই নিধন কৰা নাছিল। আমিও কিছু অপেক্ষা কৰিব লাগিব। আৰু তেনে সফল পৰিকল্পনাৰে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিত কৰাতো উচিত হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in