অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ…

অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতিক লৈ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লোকে বানাক্ৰান্ত সকলৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। বহুলোকে বানাক্ৰান্ত লোকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিত ধনো জমা কৰিছে। বলিউডৰ অক্ষয় কুমাৰৰ পৰা আদি কৰি বহুকেইজন লোকে অসমৰ বানাক্ৰান্ত সকলৰ বাবে আগবঢ়াইছে সহায়ৰ হাত।

ৰোহিত শৰ্মাই টুইটাৰত আপলোড কৰা কাজিৰঙাৰ ফটো

অসমৰ বান পৰিস্থিতিক লৈ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে এইবাৰ আহ্বান জনালে কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা, হৰভজন সিঙে টুইটাৰযোগে অসমবাসীক সহায় কৰিবলৈ আহ্বান জনাইছে। টুইটাৰত ৰোহিত শৰ্মাই কাজিৰঙাৰ বন্যপ্ৰাণীৰ ফটো আপলোড কৰি নিৰাপত্তাৰ ক্ষেত্ৰত ৰাইজক সজাগ-সচেতন হ'বলৈ আহ্বান জনাইছে।

ফটো সংগ্ৰহ- ৰোহিত শৰ্মাৰ টুইটাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in