মাষ্টাৰ ব্লাষ্টাৰৰ কোনটো অভিলেখ কেতিয়াও ভংগ কৰিব নোৱাৰিব বিৰাট কোহলীয়ে…

মাষ্টাৰ ব্লাষ্টাৰৰ কোনটো অভিলেখ কেতিয়াও ভংগ কৰিব নোৱাৰিব বিৰাট কোহলীয়ে…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ৰান মেছিন হিচাপে পৰিচিত। প্ৰায় প্ৰতিখন মেছতে এটাৰ পিছত এটাকৈ অভিলেখ ৰচা বিৰাট কোহলীয়ে এদিন মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ পৰ্যায়ত যে উপনীত হ'ব তাত কোনো সন্দেহ নাই। কোহলীৰ দুৰ্দান্ত বেটিঙে এতিয়া প্ৰতিগৰাকী ক্ৰিকেটাৰৰ বাবেই ঈৰ্ষণীয় হৈ পৰিছে। আনকি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৈতে এসময়ত একেলগে অপেনিং কৰা বীৰেন্দ্ৰ সেহৱাগো বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বীৰেন্দ্ৰ সেহৱাগে কোহলীৰ প্ৰশংসা কৰি কয়- কোহলীয়ে এদিন শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব। মাত্ৰ তেণ্ডুলকাৰৰ এটা অভিলেখ কোহলীয়ে কেতিয়াও ভাঙিব নোৱাৰে।

টেষ্ট ক্ৰিকেট আৰু এদিনীয়াত এটাৰ পিছত এটা অভিলেখ গঢ়ি ক্ৰিকেটৰ ভগৱান হিচাপে পৰিগণিত হৈছিল শচীন তেণ্ডুলকাৰ। টেষ্ট ক্ৰিকেটত ৫১টা শতক আৰু এদিনীয়াত ৪৯ টা শতক অৰ্জন কৰিছিল তেণ্ডুলকাৰে। এয়াহে নালাগে, এদিনীয়াত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হৈছিল শচীন। এই সকলো অভিলেখৰ দিশে এতিয়া দ্ৰুত গতিৰে আগবাঢ়িছে বিৰাট কোহলী। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে বৰ্তমানলৈকে ৬৮টা শতক অৰ্জন কৰিছে। এদিনীয়াত ৪৩ টা শতক আৰু টেষ্ট ক্ৰিকেটত ২৫টা শতক অৰ্জন কৰিছে কোহলীয়ে। ১১ বছৰীয়া তেওঁৰ ক্ৰিকেট কেৰিয়াত এয়া এক অবিশ্বাস্য অভিলেখ।

আৰু কেইবাবছৰো ক্ৰিকেট খেলিব পাৰিব কোহলীয়ে। যি ক্ষীপ্ৰতাৰে তেওঁ ৰাণ সংগ্ৰহ কৰি আহিছে, সেই হিচাপত হয়তো ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ মুহূৰ্তলৈ কোহলীয়ে মাষ্টাৰ ব্লাষ্টাৰৰ প্ৰায় সকলো অভিলেখেই ভংগ কৰিব পাৰিব। কিন্তু বীৰেন্দ্ৰ সেহৱাগে দাবী কৰা মতে শচীন তেণ্ডুলকাৰৰ এটা অভিলেখ ভংগ কৰিবলৈ কেতিয়াও সক্ষম নহ'ব বিৰাট। শচীন তেণ্ডুলকাৰে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত ২০০ খন টেষ্ট ক্ৰিকেট খেলিছিল। সেহৱাগে কয়, 'এয়া শচীনৰ কেতিয়াও ভংগ নোহোৱা এক অভিলেখ। বিৰাট কোহলীয়েও শচীনৰ সকলো অভিলেখ ভংগ কৰিব পাৰিলেও এই অভিলেখটো কেতিয়াও ভংগ কৰিব নোৱাৰে। এগৰাকী ক্ৰিকেটাৰে ক্ৰিকেট কেৰিয়াৰত ২০০ টেষ্ট মেছ খেলাটো কেৱল শচীনৰ বাবেহে সম্ভৱ আছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in