আৰ চি বিৰ অধিনায়কৰ পদ ত্যাগ বিৰাট কোহলিৰ

আৰ চি বিৰ অধিনায়কৰ পদ ত্যাগ বিৰাট কোহলিৰ

ডিজিটেল ডেস্কঃ আই পি এলৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দেওবাৰে ঘোষণা কৰিছে আই পি এলৰ ২০২১ ছিজনৰ সমাপ্তিৰ পিছত বিৰাট কোহলীয়ে অধিনায়কৰ পদ ত্যাগ কৰিব। দলটোৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আপলোড কৰা এটা ভিডিঅ'ত বিৰাটে কৈছে, গোটেই আৰ চি বি পৰিয়াল, বাংগালোৰৰ অনুৰাগীৰ লগতে আমাক সমৰ্থন কৰা সকলোকে নমস্কাৰ। মই এটা ঘোষণা কৰিব লাগিব।

মই আজি (দেওবাৰে) সন্ধিয়া মেনেজমেণ্টৰ সৈতে কথা পাতিছো আৰ চি বিৰ অধিনায়ক হিচাপে এইটো মোৰ অন্তিম আই পি এল হ'ব। মই মোৰ অন্তিমখন আই পি এল খেল নখেলালৈকে আৰ চি বিৰেই খেলুৱৈ হৈ থাকিম। মোৰ ওপৰত বিশ্বাস কৰা আৰু মোক সমৰ্থন কৰাৰ বাবে মই আৰ চি বিৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।

২০০৮ চনত আই পি এলৰ আৰম্ভণিৰ পৰাই কোহলী আৰ চি বিৰ সৈতে আছে। তেওঁক ২০১১ চনত অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল। অতি আক্ৰমনাত্মক বিৰাটে কিন্তু আৰ চি বিৰ বাবে বৰ্তমানলৈকে এটাও ট্ৰফী জিকিবলৈ অক্ষম হোৱা নাই। তেওঁৰ অধীনত, আৰ চি বিৰ শ্ৰেষ্ঠ প্ৰদৰ্শনী আছিল ২০১৬ চনত। সেইবাৰে দলটোৱে প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছিল। সেইবাৰ কোহলীয়ে চাৰিটা শতক সহ ৯৭৩ ৰাণ সংগ্ৰহ কৰিল। আই পি এলৰ এটা সংস্কৰণত যিকোনো খেলুৱৈৰ দ্বাৰা এয়াই সৰ্বাধিক ৰাণ।

উল্লেখ্য যে কোহলিয়ে কিছু দিন পূৰ্বে ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰাও অৱসৰ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ ইউ এ ইত অনুষ্ঠিত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ পাছতে অধিনায়ক পদ ত্যাগ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in