বিৰাট কোহলী আইচিচিৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ…

বিৰাট কোহলী আইচিচিৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ…

ডিজিটেল ডেস্ক : আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিৰাট কোহলীৰ নাম ঘোষনা কৰে ।আইচিচিয়ে টুইটাৰ যোগে কৰে এই ঘোষণা । বিৰাট কোহলীক দশকৰ আই চি চি পুৰুষ ক্ৰিকেটাৰৰ বাবে ছাৰ গাৰফিল্ড চবৰ্চ বঁটা প্ৰদান কৰা হয় । ইয়াৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক স্পিৰিট অফ দ্যা ক্ৰিকেটৰ বাবে নিৰ্বাচন কৰে আইচিচিয়ে ।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে এই বৰ্ষত যথেষ্ট ভাল প্ৰদৰ্শন কৰে ।কোহলীয়ে এই বৰ্ষত সৰ্বাধিক শতক, অৰ্ধশতক অৰ্জন কৰাৰ লগতে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগনিত হয় । কোহলীয়ে ৩৯ টা শতক আৰু ৪৮ টা অৰ্ধ শতক অৰ্জন কৰে ।

আনহাতে মহেন্দ্ৰ সিং ধোনীয়ে ২০১১ চনত ইংলেণ্ড ভ্ৰমনৰ সময়ত এনে এক কাম কৰিছিল যাৰ চৰ্চা বৰ্তমানেও অব্যাহত আছে । ২০১১ চনত ট্ৰেটব্ৰীজ খেলপথাৰত খেলা এখন টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ ক্ৰিকেটাৰ ইয়ান বেল ৰাণ আউট হৈছিল । কিন্তু বেলক পুণৰ বেট ধৰাৰ বাবে আমন্ত্ৰন কৰে ধোনীয়ে । যি সময়ত বেল আউট হৈছিল সেই সময়ত বেলৰ ৰাণ আছিল ১৩৭ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in