শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ…

316

ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাই হৈছে তাৰকা এজনৰ প্ৰথম সফলতা। বৰ্তমানৰ ডিজিটেল সময়ত ছ’চিয়েল মিডিয়াত এজন তাৰকা কিমান জনপ্ৰিয় সেয়া নিৰ্ভৰ কৰে তাৰকাগৰাকীৰ অনুৰাগীৰ সংখ্যাৰ ওপৰত। সেইবাবেই বৰ্তমান সময়ত বহু তাৰকাই ছ’চিয়েল মিডিয়াত অধিক সময় কটোৱাও পৰিলক্ষিত হয়।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী হৈছে প্ৰথমগৰাকী ভাৰতীয়, যাৰ ফল’ৱাৰ্ছৰ সংখ্যাই ইনষ্টাগ্ৰামত ৫০ মিলিয়নৰ ঘৰ স্পৰ্শ কৰিছে। ২০২০ বৰ্ষত বিৰাট কোহলীৰ অনুৰাগীৰ সংখ্যা ২০১৯ বৰ্ষতকৈ প্ৰায় ১৪ মিলিয়ন বৃদ্ধি পাইছে। ২০১৯ চনৰ শেষাৰ্ধত কোহলীৰ ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছৰ সংখ্যা আছিল ৩৬ মিলিয়ন। কিন্তু বৰ্তমান কোহলীৰ ফল’ৱাৰ্ছৰ সংখ্যা হৈছে ৫০ মিলিয়ন। শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ টি২০ শৃংখলাত কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫-০ৰ ব্যৱধানত জয় লাভ কৰাৰ পিছতে কোহলীৰ ফল’ৱাৰ্ছৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে নিউজিলেণ্ডৰ মাটিত অনুষ্ঠিত এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ হাতত ৩-০ৰ ব্যৱধানত পৰাস্ত হৈছিল কোহলী বাহিনী।

ইনষ্টাগ্ৰামত অধিক ফল’ৱাৰ্ছ থকা ভাৰতীয়ৰ তালিকাত কোহলীৰ পিছতে আছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নাম। প্ৰিয়ংকাৰ ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছৰ সংখ্যা ৪৯.৯ মিলিয়ন। তাৰ বিপৰীতে আন এগৰাকী অভিনেত্ৰী দিপীকা পাডুকনৰ ইনষ্টাগ্ৰামত আছে ৪৪.১ মিলিয়ন ফল’ৱাৰ্ছ। ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ আছে ৩৪.৫ মিলিয়ন।

বিশ্বৰ ভিতৰত ইনষ্টাগ্ৰামত সৰ্বাধিক জনপ্ৰিয় তাৰকা গৰাকী হৈছে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ১৫০ মিলিয়ন ফল’ৱাৰ্ছৰে সৰ্বাধিক জনপ্ৰিয় তাৰকাৰ শীৰ্ষত আছে ৰোনাল্ডো। তাৰ পিছতে আছে আমেৰিকান চিংগাৰ ছেলেনা গোমজ। ছেলেনাৰ ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছৰ সংখ্যা ১৪৪ মিলিয়ন। আনাহাতে আন এগৰাকী আমেৰিকান চিংগাৰ আৰিয়ানা গ্ৰেণ্ডিৰ আছে ১৪২ মিলিয়ন ফল’ৱাৰ্ছ ইনষ্টাগ্ৰামত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি