টেষ্ট ৰেংকিং বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত বিৰাট কোহলী…

টেষ্ট ৰেংকিং বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত বিৰাট কোহলী…

ডিজিটেল ডেস্ক : আইচিচিয়ে মঙলবাৰে প্ৰকাশ কৰে টেষ্ট ৰেংকিংৰ বেটছমেনৰ তালিকা । এই তালিকাত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে দ্বিতীয় স্থান লাভ কৰে । এই ৰেংকিং তালিকাত বিৰাট কোহলীৰ উপৰিও ভাৰতীয় দলৰ সহ অধিনায়ক অজিংকা ৰাহানে আৰু চেতেশ্বৰ পুজাৰা স্থান লাভ কৰে ।

ইফালে এই ৰেংকিং তালিকাত ষ্টিভ স্মিথে শীৰ্ষ স্থান দখল কৰে ।৯১১ পইন্টেৰে শীৰ্ষ স্থান অক্ষুন্ন ৰখাৰ লগতে বিৰাট কোহলীয়ে ৮৮৬ পইন্ট লাভ কৰে । আইচিচিয়ে প্ৰকাশ কৰা টেষ্ট বলিং ৰেংকিং তালিকাত জছপ্ৰিত বুমৰাহই ৮ নম্বৰ স্থান দখলৰ লগতে ৰবিচন্দ্ৰন অশ্বিনে ১০ নম্বৰ স্থান লাভ কৰে । ইফালে টেষ্ট অলৰাউণ্ডাৰ তালিকাত তৃতীয় স্থানত ৰবীন্দ্ৰ জাদেজা আৰু ৬ নম্বৰ স্থান ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in