পৰকীয়া প্ৰেম! হোজাইত খুঁটাত বান্ধি পত্নীক নিৰ্যাতন, ভিডিঅ’ ভাইৰেল

পৰকীয়া প্ৰেম! হোজাইত খুঁটাত বান্ধি পত্নীক নিৰ্যাতন, ভিডিঅ’ ভাইৰেল

ডিজিটেল সংবাদ, হোজাইঃ পৰকীয়া প্ৰেমৰ সন্দেহত এগৰাকী মহিলাক স্বামীয়ে খুটাত বান্ধি নিৰ্যাতন চলোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত। জিলখনৰ ডবকা অঞ্চলৰ যমুনাগাঁৱত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰাপ্ত তথ্য মতে, মহিলাগৰাকীৰ স্বামী মাহমুদুল হাছান যোৱা জানুৱাৰী মাহত কামৰ সন্ধানত মুম্বাইলৈ গৈছিল। মুম্বাইত উপস্থিত হৈয়ে কামত লাগিছিল হাছান। কিছুদিন আগলৈকে সকলো ঠিকে-ঠাকেই চলিছিল। কিন্তু হঠাত ওচৰ-চুবুৰীয়াৰ পৰা ফোনযোগে তেওঁৰ পত্নীয়ে যুৱক এজনৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ দু-সংবাদ লাভ কৰে। সেই খবৰ শুনিয়েই কাম-বন সকলো আধাতে এৰি ঘৰত আহি উপস্থিত হয় হাছান।

স্থানীয় লোকসকলে কৰা অভিযোগ মতে, একে গাৱেৰ ইফটিকাৰ নামৰ যুৱক এজনৰ সৈতে দীৰ্ঘদিন ধৰি হাছানৰ পত্নীয়ে পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। এই লৈ গাঁৱৰ ৰাইজে কেবাবাৰো ৰাজহুৱা বিচাৰ পাতি বিষয়টো মীমাংসা কৰি দিছিল। ৰাজহুৱা বিচাৰৰ পিছত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছিল যদিও হাছান মুম্বাইলৈ যোৱাৰ পিছতে আকৌ ইফটিকাৰৰ সৈতে সম্পৰ্ক আৰম্ভ হোৱাতো প্ৰত্যক্ষ কৰে ওচৰ-চুবুৰীয়াসকলে। লগে লগে সেই খবৰ বন্ধু-বৰ্গই হাছানক ফোনযোগে অৱগত কৰে।

বন্ধু-বৰ্গৰ ফোন লাভ কৰি অকণো পলম নকৰি ঘৰত উপস্থিত হয় হাছান। ঘৰত উপস্থিত হোৱাত পত্নীয়ে সকলো অভিযোগ অস্বীকাৰ কৰে। কিন্তু দুদিন পিছতে মাজনিশা ইফটিকাৰৰ সৈতে অসংযত অৱস্থাত পত্নীক হাতে-লোটে দৰা পেলায় হাছানে।

এই দৃশ্য প্ৰত্যক্ষ কৰি খঙত একো নাই হৈ হাছানে তালাক দি লম্পট ইফটিকাৰৰ সৈতে পত্নীক মোৰাঝাৰ থানাত গতাই দিয়ে। আৰক্ষীয়ে ইফটিকাৰক লকা-আপলৈ প্ৰেৰণ কৰি মহিলাগৰাকীক পিতৃগৃহত চমজাই দিয়ে।

এই ঘটনাৰ তিনি-চাৰি মাহ পিছত হাছানে ঘৰ-সংসাৰ চলাবলৈ দ্বিতীয় বিবাহ কৰায়। হাছানে দ্বিতীয় বিবাহ কৰোৱাৰ খবৰ লাভ কৰি পিতৃগৃহৰ পৰা লৰি আহে ইফটিকাৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বাবে তালাক দিয়া প্ৰথমা পত্নী।

হাছানৰ পৰিয়ালে অভিযোগ কৰা মতে ঘৰত উপস্থিত হৈয়েই ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি আত্মহত্যাৰ চেষ্টা চলায় ইতিমধ্যে তালাক দিয়া প্ৰথমা পত্নীয়ে। পিছত হাছানে ওচৰ-চুবুৰীয়াৰ সহযোগত দুৱাৰ ভাঙি কোঠাৰ পৰা উদ্ধাৰ কৰে প্ৰথমা পত্নীক। উদ্ধাৰ কৰাৰ পিছত চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰা বাবেই প্ৰথমা পত্নীক এনেদৰে খুঁটাত বান্ধি থৈ আৰক্ষী আৰু পিতৃগৃহক খবৰ দিয়াৰ ব্যৱস্থা কৰে।

ইয়াৰ মাজতে কোনো লোক সেই ঘটনাৰ দৃশ্য কেমেৰাত বন্দী কৰি ছ'চিয়েল মিডিয়াত এৰি দিয়ে। ছ'চিয়েল মিডিয়াত উক্ত ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাটোক লৈ সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অৱশ্যে হাছানৰ পৰিয়ালৰ এই দাবীৰ বিপৰীতে মহিলাগৰাকীৰ পৰিয়ালৰ একাংশই ওলোটা অভিযোগ কৰা বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে হাছানে দ্বিতীয় বিবাহ কৰিবৰ বাবেই এনেদৰে তেওঁৰ ওপৰত পৰকীয়া প্ৰেমৰ মিছা অপবাদ জাপি দিয়া বুলি কৈ খুটাত বান্ধি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

কোন সঁচা, কোন মিছা সেয়া জানিব পৰা নগ'লেও ভাইৰেল হোৱা ভিডিঅ'টোৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে। এগৰাকী মহিলাক এনেদৰে খুঁটাত বান্ধি জেৰা চলোৱা কাৰ্যক ছ'চিয়েল মিডিয়াত বহুতেই অমানৱীয় আখ্যা দিয়া পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in