জীৱন্ত অক্টোপাছ ভক্ষণ কৰিবলৈ গৈ বিপদত পৰিল যুৱতী, চাওক VIDEO…

জীৱন্ত অক্টোপাছ ভক্ষণ কৰিবলৈ গৈ বিপদত পৰিল যুৱতী, চাওক VIDEO…

ডিজিটেল ডেস্কঃআজিকালি কিছুলোকে বিখ্যাত হ'বৰ বাবেই বহু নকৰিবলগীয়া কামো কৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত বহুজনে বিপদজনক কাম কৰি মৃত্যুমুখতো পৰিছে। বিপদজনক বিভিন্ন কাম কৰি সেই কামৰ ভিডিঅ' ছ"চিয়েল মিডিয়াত এৰি বহুজন এনেকৈ জনপ্ৰিয়ও হৈছে।

শেহতীয়াকৈ তেনে এটা ভিডিঅ'য়ে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত দেখা গৈছে এগৰাকী যুৱতীয়ে ভক্ষণ কৰিব বিচাৰিছে এটা জীৱন্ত অক্টোপাছ। কেমেৰা সন্মুখত লৈ যুৱতী গৰাকী সাজু। কিন্তু ভিডিঅ'টোৰ প্ৰথমতেই লাগিল কেণা। যুৱতীগৰাকীয়ে অক্টোপাছতো মুখৰ ওচৰলৈ নিওতেই অক্টোপাছটোৱে যুৱতী গৰাকীৰ মুখমণ্ডলত আক্ৰমণ কৰে। যুৱতীৰ গৰাকী নাক আৰু গালত অক্টোপাছটোৱে এনেদৰে খামুছি ধৰিলে যে তাক এৰুৱাবলৈ বহু সময় ধৰি চেষ্টা কৰাৰ পাছতহে সফল হ'ল যুৱতীগৰাকী। শেষত দেখা গ'ল যুৱতীগৰাকীৰ গালত অক্টোপাছটোৱে কৰিলে কেইবাটাও ফুঁটা।

দৰাচলতে এই ভিডিঅ'টো চীনৰ। যুৱতীগৰাকীৰ নাম কুইচো। ছ'চিয়েল মিডিয়াৰ 'চি চাইড লিটিল চেভেন' নামৰ এটা বিখ্যাত ব্লগৰ গৰাকী এই যুৱতীগৰাকী। পূৰ্বতেও এনে কিছু আজৱ ভিডিঅ'ৰে চৰ্চা লাভ কৰিছিল এই যুৱতীগৰাকীয়ে।

https://youtu.be/XDdTuVUtdnI?t=22

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in