শেহতীয়া খবৰ
অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  ভাইৰেল অশ্লীল ফটো! যুৱতীয়ে কৰিলে আত্মহত্যা

এদিন ষ্টেছনত গীত গাইছিল ৰাণুৱে, এতিয়া…

2,122

ডিজিটেল ডেস্কঃ ভাগ্যই কাক কোন বাটে লৈ যায় সেয়া কোনেও নাজানে। বিলাসী জীৱন পাৰ কৰা এজনেও অৱশেষত ফুটপাথত শুব লগা হ’ব পাৰে, অথবা ফুটপাথত অন্ন, বস্ত্ৰ, বাসস্থান অবিহনেই পৰি ৰোৱা কোনো এজনো হৈ পৰিব পাৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়।

ৰাণু মণ্ডল কোনো চিনেমাৰ কাহিনীৰ চৰিত্ৰৰ নাম নহয়। পশ্চিম বংগৰ ৰাণাঘাট ষ্টেছনত গীত গাই ভীক্ষা অৰ্জন কৰা এগৰাকী সাধাৰণ ভিক্ষাৰী আছিল ৰাণু মণ্ডল। এদিন তেওঁৰ ওচৰত পিন্ধিবলৈ এখন শাৰীও নাছিল। নাছিল নিৰাপদ আশ্ৰয় স্থল। কিন্তু আছিল এটা সুমধুৰ কণ্ঠ। যি কণ্ঠই এতিয়া জনপ্ৰিয় কৰি তুলিছে ৰাণু মণ্ডলক। এতিয়া তেওঁৰ কাষলৈ ঢাপলি মেলিছে দেশৰ নামী দামী ৰিয়েলিটী শ্ব’ৰ কৰ্তৃপক্ষ। খবৰ অনুসৰি বলিউডৰ পৰাই প্ৰস্তাৱ লাভ কৰিছে ৰাণুৱে।

ষ্টেছনত এদিন গীত গাই ভীক্ষা খুজি আছিল ৰাণু মণ্ডলে। সেই সময়ত ষ্টেছনত কোনো এজন লোকে অনুধাৱন কৰিলে যে ৰাণুৰ কণ্ঠ সাইলাখ লতা দিদিৰ কণ্ঠৰ দৰেই। ক’তো গীত নিশিকাকৈ কেৱল শুনি শুনিয়ে লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা হ্যে’, ‘কুছ পানা হ্যে, কুছ খোনা হ্যে’ আদি গীত বোৰ নিখুটভাৱে গাব পৰা ৰাণু মণ্ডলৰ গীত ব্যক্তিজনে মোবাইল কেমেৰাৰে ৰেকৰ্ড কৰি পোষ্ট কৰিলে ছ’চিয়েল মিডিয়াত।

Photo - Video Grab

ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ৰাণু মণ্ডলৰ সেই কণ্ঠই ভাগ্য সলনি কৰি দিলে। খুব কম সময়ৰ ভিতৰতে লাখ লাখ লাইক, কমেন্ট শ্বেয়াৰে মানুহৰ মাজত বিয়পাই পেলালে ৰাণু মণ্ডলৰ সুমধুৰ কণ্ঠ। যাৰ পিছত এসময়ৰ ভিক্ষাৰী ৰাণুক এতিয়া কোনেও চিনিব নোৱাৰা অৱস্থা হৈছে।

Image result for ranu mandal

বিউটী পাৰ্লাললৈ লৈ যোৱা হৈছে ৰাণুক। চুলি ষ্ট্ৰেইট কৰোৱা হৈছে। দামী শাৰী পিন্ধাই সুন্দৰকৈ সজাই তোলা হৈছে টিভিৰ সাক্ষাৎকাৰৰ বাবে। সাৰেগামাপা কোম্পানীৰ তৰফৰ পৰাও এতিয়া ৰাণুক সম্বৰ্ধনা জনোৱা হৈছে। আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠান পৰিৱেশনৰ বাবে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি