অৱসৰলৈ ৬ মাহ বাকী থাকোতে পদত্যাগ কৰিলে ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ বিৰাল আচাৰ্যই

অৱসৰলৈ ৬ মাহ বাকী থাকোতে পদত্যাগ কৰিলে ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ বিৰাল আচাৰ্যই

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ বিৰাল আচাৰ্যৰ পদত্যাগ। চাকৰিৰ পৰা অৱসৰগ্ৰহণৰ বাবে ৬ মাহ বাকী থকাৰ সময়তে পদত্যাগ কৰিছে বিষয়াজনে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰিজাৰ্ভ বেংকৰ মনিটেৰি পলিচি বিভাগৰ বিষয়াজনে কিছু ব্যক্তিগত কাৰণতে পদত্যাগ কৰিছে।

গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগৰ মাত্ৰ ৬ মাহৰ পিছতে এনেদৰে ডেপুটি গৱৰ্ণৰজনে পদত্যাগ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিৰাল আচাৰ্যৰ পদত্যাগৰ পিছত ৰিজাৰ্ভ বেংকত বৰ্তমান আছে ৩ গৰাকী ডেপুটি গৱৰ্ণৰ। সেইসকল হৈছে ক্ৰমে- এন এছ বিশ্বনাথন, বি পি কানুনগ' আৰু এম কে জৈন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in