কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল…

কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সান্ধ্য আইন জাৰি কৰি ৰখা হৈছে। অসমৰ লগতে কেবৰ বিৰুদ্ধে জ্বলিছে পশ্চিমবংগ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে।

পশ্চিমবংগতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেপ্ৰতিবাদ। শনিবাৰে ৰাজ্যখনৰ মুৰ্শ্বিদাবাদ জিলাৰ লালগোলা ৰেলৱে ষ্টেচনত প্ৰতিবাদকাৰীয়েজ্বলাই দিয়ে ৫খন খালী ৰে'ল। প্ৰতিবাদকাৰীৰ দাবী যে কোনো প্ৰকাৰে তেওঁলোকে কেব মানিনলয়। প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰেলসেৱাৰ ওপৰতো প্ৰভাৱ পৰিছে।

ৰাজ্যখনত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলেজ্বলাই দিয়ে কেইবাখনো বাছ। লগতে আৰক্ষীয়ে সদৰী কৰা মতে, মুৰ্শ্বিদাবাদ আৰু উত্তৰী২৪ পৰগণা জিলাত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীমমতা বেনাৰ্জীয়ে হিংসাত্মক ঘটনা সংঘঠিত কৰা সকলৰ বিৰুদ্ধে তদন্ত চলোৱা হ'ব বুলিসাৱধানবাণীও দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in