বাংগালুৰুৰ হিংসাত্মক ঘটনাঃ নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি…

বাংগালুৰুৰ হিংসাত্মক ঘটনাঃ নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ বাংগালুৰুত মঙলবাৰে নিশা এক ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সংঘটিত হয় হিংসাত্মক ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভিৰ কৰা স্থানীয় লোকৰ ওপৰত লাঠীচালনাৰ লগতে কন্দোৱা গেছ নিক্ষেপ আৰু গুলীচালনা কৰে।

বাংগালুৰু আৰক্ষী আয়ুক্ত কমল পন্তে এই সন্দৰ্ভত কয় যে, বাংগালুৰুৰ ডি জে হল্লী এলেকাত আৰক্ষীয়ে কৰা গুলীচালনাত তিনিজনকৈ লোকৰ মৃত্যু হৈছে। তদুপৰি আহত হৈছে ৬০জনকৈ আৰক্ষীৰ লোক। ইফালে, পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি ডি জে হল্লী আৰু কে জি হল্লী থানাৰ অন্তৰ্গত এলেকাসমূহত বৃহস্পতিবাৰৰ পুৱালৈ কাৰ্ফিউ জাৰি কৰা হৈছে।

আয়ুক্তগৰাকীয়ে লগতে কয় যে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰ অভিযুক্ত কংগ্ৰেছী বিধায়ক অখণ্ড শ্ৰীনিবাস মুৰ্তিৰ ভতিজা নবীনক। লগতে গ্ৰেপ্তাৰ কৰা হৈছে আন ১১০জন লোককো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in