শেহতীয়া খবৰ
জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...  •  ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী  •  এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব...

বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ

1,685

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নবী মুম্বাইত ভৰ বাৰিষাৰ এখন নৈত বাহনসহ বাগৰি পৰা এটা পৰিয়ালৰ জীৱন কথমপি ৰক্ষা পৰে। ইফালে নৈৰ বুকুত ডুব যোৱা বাহন খনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ বাহিনী আৰু প্ৰশাসনে।

জানিব পৰা মতে, সোমবাৰে আশ্ৰফ খলিল শ্বেইখ নামৰ লোকজনে পত্নী, কন্যা আৰু ভাগিনৰ সৈতে এখন বাহনেৰে ভাভানজী গাঁৱৰ পৰা তালোজালৈ গৈ থকা অৱস্থাত ঘোট গাঁৱৰ এখন দলঙত দুৰ্ঘটনাত পতিত হয়। দলংখন পাৰ হ’ব লোৱাৰ সময়তে ৰেলিং ভাঙি বাহনসহ পৰিয়ালটো নৈত পৰে।

গাড়ীসহ নৈত ডুবিবলৈ আৰম্ভ কৰা আশ্ৰফ খলিল শ্বেইখ, পত্নী হামিদা (৩৩), কন্যা চুহানা (৭) আৰু ভাগিন নমীৰা ৰাউতল্লাহ শ্বেইখ (১৭)ক স্থানীয় লোকে প্ৰত্যক্ষ কৰি ৰচীৰ সহায়ত কোনোমতে পাৰলৈ তুলিবলৈ সক্ষম হয় যদিও বাহনখন সম্পূৰ্ণৰূপে পানীৰ তলত সোমাই পৰে।

ইয়াৰ পিছতে বাহনখনৰ সন্ধান বিচাৰি এছডিআৰএফ বাহিনীয়ে নৈৰ বুকুত অভিযান আৰম্ভ কৰে। এই অভিযান বৃহস্পতিবাৰেও অব্যাহত ৰাখিছে উদ্ধাৰকাৰী বাহিনীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি