শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

২০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাৰ দীঘলী বিলত মাছ ধৰিলে গঞা ৰাইজে…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ জাকৈ, খালৈ, পল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল। উল্লেখ্য যে প্ৰায় ২০০ বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগত ভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ।

এইবেলিও গঞা ৰাইজে ব্যপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। আজি পুৱাৰে পৰা বটদ্রৱা সমষ্টিৰ জাজৰি, নসত্ৰ, ৰাইডঙীয়া, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদাহ, দলংঘাট, গাখজুৱা, বৰচিলা, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰডুবিয়া আইভেটি, খৌৰামোচৰ, দৰঙীয়াল, খাটোৱাল গাঁও, ক্ষেত্ৰী গাঁও, গজপুৰীয়া, হাতীচোং, গেদাৰবড়ি ব্ৰাক্ষ্মণ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়।

এনেদৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্ৰকাশ থাকে যে স্বতঃস্ফুত আৰু ৰং ধেমালিৰ মাজেৰে ঐক্য সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাৱঁৰ পুৰুষ মহিলা, ডেকা গাভৰুৰ লগতে কন কন লৰা ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱা আৰু বৰষুণৰ বতৰ কাৰণে অধিকাংশই মাছ পোৱাৰ সক্ষম নহয়।

ক্লিক কৰি পঢ়কঃ ভাল খবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে…

কিন্তু ইয়াৰ বাবে কোনেওঁ দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে। আনকি বহু কেইজন লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।