৬০০ কোটিৰ চিনেমাক পিছ পেলাই অস্কাৰৰ দৌৰত প্ৰথম হ’ল ‘ভিলেইজ ৰকষ্টাৰছ’

৬০০ কোটিৰ চিনেমাক পিছ পেলাই অস্কাৰৰ দৌৰত প্ৰথম হ’ল ‘ভিলেইজ ৰকষ্টাৰছ’

ডিজিটেল ডেস্কঃ ২৭খন চিনেমাক অতিক্ৰম কৰি ভাৰতৰ পৰা চিনেমাৰ নবেল বঁটা ৰূপে বিবেচিত অস্কাৰৰ যাত্ৰাত চামিল হ'ল 'ভিলেইজ ৰকষ্টাৰছ'।ছয়গাঁৱৰ পৰা ল'ছ এঞ্জেলছৰ ডলবী থিয়েটাৰ হললৈ এই যাত্ৰা সাধাৰণ নহয়। বিশ্বৰ প্ৰসিদ্ধ চিনেমা পৰিচালক সকলৰ বাবে এয়া এক সপোন। দেশৰেই বহু প্ৰতিষ্ঠিত চলচ্চিত্ৰৰ পৰিচালকৰ এনে সপোন সপোন হৈয়ে ৰৈ যায় আজীৱন। যি কাম আমিৰ খানে 'লগান'ৰ জৰিয়তে কৰিবলৈও যথেষ্ট শ্ৰম কৰিব লগা হৈছিল।

ডলবী হলত প্ৰৱেশৰ বাবে টিকট লাভ কৰা জনেই ভাৱে ভাগ্যৱান। আৰু সেই টিকটৰ বাবে বিদেশী ছবি শিতানত বিশ্বজুৰি চলে প্ৰতিযোগিতা। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচিত চিনেমাৰ পৰা এই শিখানত মুঠ ৫খনক মনোনয়ন কৰা হয় অস্কাৰৰ বাবে। তাৰ পৰা এই শিতানত নিৰ্বাচন কৰা হয় শ্ৰেষ্ঠ ছবি। ৬হাজাৰ জুৰিয়ে অনলাইনযোগে নিৰ্বাচন কৰিব ৫খন শ্ৰেষ্ঠ ছবি। সেইখিনিলৈকে এখন অসমীয়া ছবি যাব বুলি কোনেও কল্পনা কৰাই নাছিল।

সপোনতো ভবা নাছিল সেই কথা। এয়া সম্ভৱ কৰিলে ছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকৈয়ে দৃঢ়তাৰে, একনিষ্ঠতাৰে ছবি নিৰ্মাণত জড়িত হৈ পৰা ৰীমা দাসে। ইতিমধ্যে বিশ্বৰ বিভিন্ন ছবি মহোৎসৱত সফলতা অৰ্জন কৰা, প্ৰশংসা বুটলা 'ভিলেইজ ৰকষ্টাৰছে' এই অস্কাৰ যাত্ৰাৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগা হৈছিল ২৭খন ছবিৰ সৈতে। তাৰ ভিতৰত এখন বিশেষ ছবি আছিল 'পদ্মাৱত'। বহু চৰ্চিত  সঞ্জয়লীলা ভাঞ্চালীয়ে এই ছবিখন নিৰ্মাণৰ বাবে ব্যয় কৰিছিল ২০০কোটি।

'ৰাজী',  মেঘ্না গুলজাৰৰ ৩৭কোটি টকীয়া বাজেটৰ ছবিখনো আছিল এই দৌৰত। 'হিস্কি', সিদ্ধাৰ্থ মালহোত্ৰাৰ ২০ কোটি বাজেটৰ এই ছবিখনকো পিছ পেলাই আগবাঢ়ি গ'ল ভিলেইজ ৰকষ্টাৰছ। এই দৌৰত থকা আন এখন ছবি আছিল 'অক্টোবৰ'। সুজিৎ চিৰকাৰৰ ৩৪কোটি টকীয়া ছবিখনেও কেই লাখমান টকাৰে নিৰ্মাণ কৰা ভিলেইজ ৰকষ্টাৰছৰ সৈতে ফেৰ মাৰিব নোৱাৰিলে। ১৫কোটি টকীয়া 'লাভ ছোনিয়া', 'গুলাপজাম', 'মহন্তী', 'টুলেট', 'হাল্কা', 'পিহু', 'কৰবী হাৱা', 'আ কাৰালা ৰাত্ৰী', 'টুমবাদ', 'ব'গড়া', 'ৰাংগাস্থালাম', 'ৰেৱা', 'মাই গায়ত্ৰী যাদৱ', 'বিস্ক' পেইৱালা', 'বেষ্ট অৱ লাক লালু', 'মন্টো', 'কলম্বো', 'কুকিলা', '১০২ নট আউট', 'পেডমেন', 'ভয়ানাকম', 'অজ্জি', 'নুড', 'গলি গুলেয়া' আছিল এই দৌৰত।

ইয়াৰ ভিতৰত ২০ কোটি টকীয়া দেশজুৰি জোৱাৰ তোলা পেডমেন ছবিখনো আছিল অন্যতম। এই দৌৰত ১৬খন হিন্দী ছবি,  ৩ খন মাৰাথী, ২খন টেলেগু, ২খন গুজৰাটী, ১খন মালায়লম, ১খন কানাড়া, ২খন তামিল আৰু ১খন অসমীয়া ছবি আছিল। এই সকলো ছবিকেই অতিক্ৰম কৰি এনেদৰে এই সফলতা লাভ কৰাতো সঁচাকৈয়ে অতি প্ৰত্যাহ্বানমূলক আছিল 'ভিলেইজ ৰকষ্টাৰছ'ৰ বাবে। ছবিখনৰ প্ৰায়বোৰ কামেই নিজে কৰিছিল ৰীমা দাসে।

কেমেৰা, সম্পাদনা, পৰিচালনা সকলো কাম কৰাৰ লগতে গাঁৱৰ কিছুমান সৰু ল'ৰা-ছোৱালীক এই ছবিৰ অভিনয়ৰ বাবে সাজু কৰি লৈছিল। ৮৭মিনিটৰ এই ছবিখন নিৰ্মাণৰ ব্যয়  লাখৰ ঘৰত সীমাৱদ্ধ কৰি ৰাখিছিল ৰীমা দাসে। এই ছবিখনে কিন্তু প্ৰতিযোগিতাত নামিছিল ২০০কোটি টকীয়া 'পদ্মাৱত'ৰ পৰা আৰম্ভ কৰি গড়ে ১৬কোটি টকাৰে ব্যয়ৰে নিৰ্মাণ কৰা ২৭খন ছবিৰ সৈতে। সেই হিচাপত প্ৰায় ৬০০কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ কৰা ছবিক পিছ পেলাই অস্কাৰৰ এই দৌৰত আগবাঢ়ি গ'ল ৰীমা দাসৰ 'ভিলেইজ ৰকষ্টাৰছ'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in