২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব ‘ভিলেইজ ৰ’কষ্টাৰ্ছে’

২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব ‘ভিলেইজ ৰ’কষ্টাৰ্ছে’

ডিজিটেল ডেস্কঃ ৰীমা দাসৰ 'ভিলেইজ ৰকষ্টাৰ্ছ' বিষয়ে নতুনকৈ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। এক অগতানুগতিক কাহিনীৰে নিৰ্মাণ কৰা ছবিখনে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ লগতে অন্য ৪৪ টা ভিন্ন পুৰষ্কাৰ আজুঁৰি আনিবলৈ সক্ষম হৈছে ।

দেশ-বিদেশত কোটি কোটি দৰ্শকে আদৰি লোৱা ছবিখন ৭০তকৈ অধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত কৰা হৈছে। শেহতীয়াকৈ এই ছবিখনে মুক্তি পাব সমগ্ৰ ভাৰতবৰ্ষত। অহা ২৮ চেপ্তেম্বৰত ভাৰতত মুক্তিৰ বাবে সাজু হোৱা 'ভিলেইজ ৰকষ্টাৰ্ছ'ক লৈ আশাবাদী ৰীমা দাস।

সংবাদমাধ্যমৰ সন্মুখত ৰীমা দাসে কলে- 'সমগ্ৰ বিশ্বই ছবিখনৰ প্ৰতি দেখুওৱা সহাঁৰিৰ পাছত 'ভিলেইজ ৰকষ্টাৰ্ছে' ভাৰতত প্ৰৱেশ কৰিব,মই যথেষ্ট আনন্দিত যে মোৰ ছবিখন এইবাৰ ভাৰতৰ দৰ্শকে উপভোগ কৰিব।' উল্লেখ্য যে,৬৫ সংখ্যক নেচনেল ফিল্ম এৱাৰ্ডত শ্ৰেষ্ঠছবিৰ সন্মান বুটলিছিল ৰীমা দাসৰ 'ভিলেইজ ৰকষ্টাৰ্ছে' ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in