দৰিদ্ৰতাক নেওচি বাগানীবাৰীৰ বিক্ৰমে পালে ৯২.২ শতাংশ

দৰিদ্ৰতাক নেওচি বাগানীবাৰীৰ বিক্ৰমে পালে ৯২.২ শতাংশ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মহকুমাৰ শিমলুগুৰিস্থিত বাগানীবাৰী হাইস্কুলৰ অতি দৰিদ্ৰ অথচ মেধা সম্পন্ন ছাত্ৰ বিক্ৰম হাজৰিকাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। মেধাবী ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰসহ ৯২.২ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়।

উল্লেখ যে মেধাৱী ছাত্ৰজনৰ পিতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰে। ছাত্ৰজনৰ শিক্ষাৰ অধিক খৰছ বাগানীবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক তথা লেখক জীতেন শইকীয়াই বহন কৰিছিল। ছাত্ৰজনে দশম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ত তেওঁৰ টিউচন মাচুলো এই শিক্ষকগৰাকীয়েই বহন কৰিছিল।

ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ ইচ্ছা ব্যক্ত কৰা মেধাৱী ছাত্ৰ বিক্ৰম হাজৰিকাৰ সাফল্যত পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটো আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰী-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in