বিলাসী জীৱন, ৩ পত্নী, সুৰা জগতৰ পৰা অন্ধকাৰ কুঠৰিলৈঃ মুম্বাইৰ কাৰাগাৰলৈ “কিং অৱ গুড টাইমছ”…

বিলাসী জীৱন, ৩ পত্নী, সুৰা জগতৰ পৰা অন্ধকাৰ কুঠৰিলৈঃ মুম্বাইৰ কাৰাগাৰলৈ “কিং অৱ গুড টাইমছ”…

সকলোতে তেওঁৰ নামেই আছিল চৰ্চাত। কি নাছিল তেওঁৰ জীৱনত, বিলাস, নাৰী, সুৰাৰ পৰা সকলোফালৰে তেওঁ আছিল নিজৰ মনতে অদ্বিতীয়। এটা বিলাসী জীৱনেই নহয়, নিজকে তেওঁ নাম দিছিল "কিং অৱ গুড টাইমছ"। এতিয়া পিছে সেইদিন নাই। বিজয় মালিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথাৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

একালৰ বৃন্দাবন একালত পৰে চন -এই বাক্যশাৰী আখৰে আখৰে ফলিয়াইছে তেওঁৰ ক্ষেত্ৰত। এটা সময়ত ভাৰতৰ ব্যৱসায়িক জগতখনত একচত্ৰী সম্ৰাট হোৱা সুৰা মাফিয়া বিজয় মালিয়াৰ পৰৱৰ্তী ঠিকনা হ'ব অন্ধকাৰ এটা কোঠা। য'ত নাথাকিব বিলাস কিম্বা সুৰা।

ভাৰতৰ পৰা পলায়ন কৰা বিতৰ্কিত ব্যৱসায়ী বিজয় মালিয়া এইবাৰ সোমাবহি ভাৰতৰ কাৰাগাৰত। ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই দাবী কৰিছে এক উচ্চস্তৰীয় চৰকাৰী সূত্ৰই। কেৱল এয়াই নহয়, এইজন সুৰা মাফিয়াৰ সকলো পথ ক্ৰমাৎ বন্ধ হৈ গৈছে। এইবাৰ লণ্ডণৰ সৰ্বোচ্চ ন্যায়ালয়েও খাৰিজ কৰিলে মালিয়াৰ এক আবেদন। তাৰ পিচতেই মালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো কূটনৈতিক প্ৰক্ৰিয়া সমাপ্ত হয়।

পৰিয়ালৰ সৈতে বিজয় মালিয়া।

আনহাতে একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰনুসৰি, বিজয় মালিয়াৰ অধিবক্তা আনন্দ ডুবেয়ে অৱশ্যে এই প্ৰসংগত অৱগত নহয় বুলি কৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা যায়। বুধবাৰে নিশাই বিজয় মালিয়াক ভাৰতলৈ অনা হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অধিবক্তাগৰাকীয়ে এই বিষয়ে তেওঁৰ হাতত কোনো খবৰ নাই বুলিও জানিবলৈ দিয়ে। আনকি তেওঁৰ ব্যক্তিগত সহায়কগৰাকীয়েও অদ্যপি এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। ভাৰতলৈ আনিয়েই মালিয়াক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব, তাৰ পাছতেই তেওঁক লৈ যোৱা হ'ব আদালতলৈ। তথ্য অনুসৰি, CBIয়ে তেওঁক নিজৰ জিম্মাত লোৱাৰ বাবেও যো-জা চলাই আছে।

২০১৮ চনৰ আগষ্ট মাহত বৃটেইনৰ এখন আদালতে মালিয়াক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলে কোনখন জে'লত ৰখা হ'ব আৰু তেওঁৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জানিবলৈ বিচাৰিছিল। তেতিয়া ভাৰতীয় নিৰাপত্তা বিভাগৰ ফালৰ পৰা বৃটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ক মুম্বাইস্হিত আৰ্থাৰ জেলক এটা ভি়ডিঅ' দিয়া হৈছিল। উল্লেখ্য যে, মুম্বাইস্থিত আৰ্থাৰ জেলত বহুকেইজন কুখ্যাত অপৰাধীক ৰখা হৈছিল। তাৰ ভিতৰত ছোটা ৰাজন, আবু চালেম, মোস্তাফা দৌচা, বিপুল আম্বানী, আজমল কাছৱকে আদি কৰি শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত পীটাৰ মুখাৰ্জী । এইবাৰ একেই কাৰাগাৰৰে দ্বিতীয় মহলাত ৰখা হ'ব বিজয় মালিয়াক।

পত্নী-পুত্ৰৰে সৈতে মালিয়া…

কৰ্ণাটকৰ আগশাৰীৰ ব্যৱসায়ী পিট্টল মালিয়াৰ পুত্ৰ বিজয় মালিয়াই পিতৃৰ মৃত্যুৰ পাছতেই ব্যৱসায় চম্ভলাৰ দায়িত্ব লয়। বাণিজ্য শাখাৰ স্নাতক বিজয় মালিয়াৰ ব্যৱসায় চলোৱাৰ কৌশলে সেইসময়ত ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় আলোচনী, পত্ৰিকাৰ শিৰোনামাও দখল কৰিছিল। ব্যৱসায়ৰ দায়িত্ব লোৱাৰ পাছত ৬০টাতকৈ অধিক কোম্পানী তেওঁ নিজৰ দখললৈ আনে।

ব্যৱসায়ৰ দিশটোৰ উত্তৰণ ঘটাৰ লগে লগে ব্যক্তিগত জীৱনটোতো তেওঁৰ বহু পৰিৱৰ্তন ঘটে। ১৯৮৬ চনত তেওঁ সমীৰা নামৰ এগৰাকী এয়াৰ হোষ্টেজৰ প্ৰেমত পৰি বিবাহত বহে। সিদ্ধাৰ্থ নামেৰে এটি পুত্ৰ সন্তান জন্ম হোৱাৰ পাছত ১৯৯৩ চনত মালিয়া পুনৰ প্ৰেমসূত্ৰে বিবাহ পাশত আবদ্ধ হয় ৰেখা নামৰ এগৰাকী তেওঁৰ স্কুলীয়া কালৰ বান্ধৱীৰ সৈতে। ৰেখা আৰু মালিয়াৰ দুটি পুত্ৰ সন্তান জন্ম হোৱাৰ পাছত পুনৰ ৬৩ বছৰ বয়সত লণ্ডনত আই পি এলৰ মাধ্যমেৰে চিনাকী হৈ পিংকী নামৰ এগৰাকী এয়াৰ হোষ্টেজৰ লগত বিবাহ পাশত আবদ্ধ হয়।

এই কাৰাগাৰেই হ'ব মালিয়াৰ নতুন ঠিকনা।

ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে তেওঁ জড়িত হৈ পৰে ৰাজনীতিৰ জগতখনৰ সৈতে । দুবাৰকৈ তেওঁ সাংসদ পদত অধিষ্ঠিত হয়। তাৰ পাছতেই তেওঁৰ জীৱনলৈ নামি আহে অমানিশা। সেই সময়তে তেওঁৰ ব্যৱসায়িক দিশটো একপ্ৰকাৰে বিধ্বস্ত হৈ পৰে। মালিয়াৰ কিংফিচাৰ এয়াৰলাইনছৰ সাংঘাটিক ধৰণে ব্যৱসায় অৱনমিত হ'বলৈ ধৰে। বিপদে খেদি ফুৰা মালিয়াই কিংফিচাৰ এয়াৰলাইনছ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল।

তৃতীয় পত্নীৰে আনন্দৰ সময়ত মালিয়া।

নিজৰ ব্যৱসায় পুনৰুদ্ধাৰৰ বাবে বেংকৰ পৰা ঋণ লৈ বিপদত পৰে মালিয়া। বেংকৰ ঋণলৈ পুনৰ ব্যৱসায় উত্থান ঘটোৱাৰ চেষ্টাও বিফল হয় আৰু ২০১৬ চনৰ আগষ্ট মাহত তেওঁ পলাই যাবলৈ বাধ্য হয়। কেৱল তেৱেই বিপদত পৰা নাই। চিবিওআইয়ে গোচৰৰ দায়িত্ব লোৱাৰ পাছতে মালিয়াৰ মুখেৰে দেশ-বিদেশৰ কেবাগৰাকী নামি-দামী ৰাজনৈতিক নেতাৰ বিষয়ে বহু গোপন আৰু বিস্ফোৰক তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনাই অধিক।

উল্লেখ্য যে, ১৪ মে'ৰ দিনা বিজয় মালিয়াই বিটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল। কিন্তু এই আবেদন খাৰিজ কৰিছিল বৃটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ে তাৰ পাছতেই পৰৱৰ্তী ২৮ দিনৰ ভিতৰত মোডী চৰকাৰে মালিয়াক ভাৰতলৈ অনাৰ পথ প্ৰশস্ত হৈ পৰে। ১৭টা বেংকৰ পৰা ঋণলৈ সৰ্বমুঠ ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ বাবে মালিয়াই ২০১৬ চনত ভাৰতৰ পৰা পলায়ন কৰিছিল। ব্যৱসায়ী মালিয়াৰ বিৰুদ্ধে ভাৰতত ৰুজু আছে কেবাটাও ঠগ-প্ৰৱঞ্চনাৰ গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in