আজি বিজয় দিৱসঃ দিল্লীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত শ্বহীদ জোৱানসকলক স্মৰণ

আজি বিজয় দিৱসঃ দিল্লীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত শ্বহীদ জোৱানসকলক স্মৰণ

ডিজিটেল ডেস্কঃ আজি বিজয় দিৱস। ১৯৭১চনত আজিৰ দিনটোতেই ভাৰতে পাকিস্তানক পৰাভূতি কৰিছিল আৰু বাংলাদেশ (তেতিয়াৰ পূৱ পাকিস্তান) পাকিস্তান (তেতিয়াৰ পশ্চিম পাকিস্তান)ৰ পৰা স্বাধীন হৈছিল। সাহসেৰে নিজৰ দেশখনক সুৰক্ষা দিয়াৰ লগতে শত্ৰুক পৰাজয় কৰাৰ বাবে যিসকল জোৱানে নিজৰ জীৱন আহুতি দিছিল তেওঁলোকৰ স্মৰণতেই পালন কৰা হয় বিজয় দিৱস।

বিজয় দিৱস উপলক্ষে দিল্লীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে দেশৰ সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলেও শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে, বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কয়- আজি বিজয় দিৱস। আমি মনত ৰখা ভাল যে ১৯৭১ৰ সেই যুদ্ধৰ কথা য'ত আমাৰ দেশৰ জোৱানসকলে বীৰত্বৰে যুঁজ দিছিল। তেওঁলোকৰ বাবেই সুৰক্ষিত আজি আমাৰ দেশ। তেওঁলোকৰ ত্যাগে আমাক প্ৰেৰণ দিয়ে।

লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও টুইট কৰে বিজয় দিৱস উপলক্ষে। তেওঁ টুইটযোগে কয়- আজি বিজয় দিৱস। ১৯৭১ৰ আজিৰ দিনটোতেই আমাৰ জোৱান সকলে নিজৰ জীৱনৰ কথা নাভাবি সুৰক্ষিত কৰিছিল দেশখন। তেওঁলোকৰ এই ত্যাগ আৰু সাহসিকতাক আমি আজিৰ দিনটোত সুঁৱৰিছো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in