ইন্দিৰা গান্ধী বিদ্যা বালান মুখ্যমন্ত্ৰী হ’ব

ইন্দিৰা গান্ধী বিদ্যা বালান মুখ্যমন্ত্ৰী হ’ব

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হৈ প্ৰধানমন্ত্ৰী নহয়। প্ৰথমে প্ৰধানমন্ত্ৰী, তাৰ পিছতহে মুখ্যমন্ত্ৰী। ৰাজনীতিৰ ক্ষেত্ৰখনত এয়া অসম্ভৱ হ'লেও অভিনয়ত দুয়োটা পদবী একেই। সেয়ে এতিয়া প্ৰথমে প্ৰধানমন্ত্ৰী হৈ পিছত মুখ্যমন্ত্ৰী হ'বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী বিদ্যা বালান।

প্ৰকাশিত বাতৰি অনুযায়ী, ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰৰ দুই প্ৰভাৱশালী মহিলা ইন্দিৰা গান্ধী আৰু জয়াললিতাৰ জীৱনভিত্তিক দুখন ছবিৰ কাম অচিৰেই আৰম্ভ হ'ব। এই দুয়োখন ছবিতেই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে অভিনেত্ৰী বিদ্যা বালানে।

কিছুদিনৰ পূৰ্বে ইন্দিৰা গান্ধীৰ জীৱনভিত্তিক ছবিখনত অভিনয়ৰ বাবে সুযোগ লাভ কৰাৰ পাছতে বিদ্যাৰ ওচৰলৈ আহিছে জয়াললিতাৰ জীৱনভিত্তিক ছবিখনত অভিনয়ৰ বাবে প্ৰস্তাৱ।

হায়দৰাবাদৰ এটা চলচিত্ৰ নিৰ্মাতা প্ৰতিষ্ঠানে অচিৰেই আৰম্ভ কৰিবলগীয়া ছবিখনৰ ফাষ্ট পোষ্টাৰ ৰিলিজ হ'ব ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত। তামিল, তেলেগু, হিন্দী এই তিনিটা ভাষাত নিৰ্মাণ হ'বলগীয়া ছবিখন পৰিচালনা কৰিব তামিল পৰিচালক এ এল ব্যাসে।

প্ৰতিষ্ঠানটোৰ সূত্ৰই জনোৱা অনুসৰি এই ছবিখন জয়াললিতাই অভিনয় আৰু ৰাজনৈতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in