এতিয়া পাকিস্তানৰ সৈতে কেৱল পি অ’ কে সন্দৰ্ভতহে আলোচনাত বহিব ভাৰতঃ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

এতিয়া পাকিস্তানৰ সৈতে কেৱল পি অ’ কে সন্দৰ্ভতহে আলোচনাত বহিব ভাৰতঃ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰা পাকিস্তানৰ সৈতে এতিয়া কেৱল পাক অধিকৃত কাশ্মীৰৰ ওপৰতহে আলোচনা কৰা হ'ব। এই মন্তব্য কৰিছে ভাৰতৰ উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে। বুধবাৰে তেওঁ দেশৰ গাঁও প্ৰধানসকলক সম্বোধন কৰি এক অনুষ্ঠানত এই মন্তব্য কৰে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'পাকিস্তানৰ সৈতে এতিয়া কেৱল পি অ' কে সন্দৰ্ভতহে আমি আলোচনাত বহিম। অন্য কোনো বিষয়ত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক আলোচনা সম্ভৱ নহয়।' দেশৰ নিৰাপত্তা আৰু অখণ্ডতাৰ স্বাৰ্থ সকলোতকৈ প্ৰথমে চিন্তা কৰাৰ আৱশ্যক বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত আছিল বুলি মন্তব্য কৰে।

তেওঁ কয়, 'জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি আৰু বিশেষাধিকাৰ কৰ্তনে ৰাজ্যখনক ভাৰতৰ সৈতে একত্ৰিত কৰিছে। জম্মু-কাশ্মীৰত বৃদ্ধি পাই থকা অশান্তিকৰ পৰিৱেশ আৰু সন্ত্ৰাসবাদীৰ উপদ্ৰৱ এতিয়া নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে। যদিও ৰাজ্যখনৰ ঠায়ে ঠায়ে এতিয়াও ১৪৪ ধাৰা জাৰি কৰা হৈ আছে, সেয়াও লাহে লাহে আতৰোৱা হ'ব আৰু জম্মু-কাশ্মীৰৰ উন্নয়ন আৰু বিকাশত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in