ভাইচ এডমিৰেল কৰমবীৰ সিঙ হ’ব পৰৱৰ্তী নৌ সেনাপ্ৰধান

ভাইচ এডমিৰেল কৰমবীৰ সিঙ হ’ব পৰৱৰ্তী নৌ সেনাপ্ৰধান

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনা প্ৰধান সুনীল লাম্বাৰ অৱসৰগ্ৰহণৰ পিছত খালী হৈ থকা পদটোত এইবাৰ নিযুক্ত হ'ব ভাইচ এডমিৰেল কৰমবীৰ সিং। শনিবাৰে এক বিবৃতিযোগে এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰি কৰা মতে, কৰমবীৰ সিঙে অহা ৩১ মে'ত নৌসেনাৰ প্ৰধান পদত অধিষ্ঠিত হ'ব।

উল্লেখ্য যে, কৰমবীৰ সিং বিশাখাপট্টনমত পূৰ্ব নৌসেনা কমানৰ ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in