শেহতীয়া খবৰ
বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • অপৰূপ সৌন্দৰ্য, নিশাৰ ভিতৰতে কেনেকৈ সলনি হ'ল কলঙৰ পানীৰ ৰং, চাওঁক VIDEO • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO

‘কালিয়া’ক মনত আছেনে! সোমবাৰে মৃত্যু হ’ল শিল্পীগৰাকীৰ…

1,200

ডিজিটেল ডেস্কঃ বিখ্যাত হিন্দী আৰু মাৰাঠী ছবিৰ অভিনেতা বিজু খোটে আৰু নাই। সোমবাৰে মৃত্যু হয় শিল্পীগৰাকীৰ। ‘শ্বোলে’ত তেওঁ অভিনয় কৰা কালিয়া চৰিত্ৰটোৰ বাবে বিশেষ সমাদৰ লাভ কৰিছিল। ইফালে ছলমানখানৰ ছবি ‘আন্দাজ অপনা অপনা’ত ৰবাৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।

মুম্বাইৰ নিজ বাসগৃহত পুৱা ৬.৫৫ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি তেওঁ শাৰিৰীক অসুস্থতাত ভুগি আছিল। ইফালে অভিনেতাগৰাকীৰ শৰীৰৰ কেইবাটাও অংগ বেয়া হৈ হোৱা বুলি জানিব পৰা গৈছে।

অভিনেতাগৰাকীৰ সম্পৰ্কীয় ভাৱনা বালসাবাৰে জানিবলৈ দিয়া মতে, বিজু খোটেয়ে হাস্পতালত মৃত্যু হ’ব বিচৰা নাছিল। যাৰ বাবে তেওঁক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহিছিল। ‘কয়ামত ছে কয়ামত টক’, ‘ভেন্টিলেটৰ’ ইত্যাদি ছবিৰ বাবে তেওঁ সকলোৰে মাজত চিনাকি আছিল।

ইফালে প্ৰায় ৬ দশক জুৰি অভিনয়েৰে জড়িত খোটেয়ে ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে। তেওঁৰ মৃত্যু খবৰ পাই বহুলোকে শোক প্ৰকাশ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি