শুকুৰবাৰৰ পৰা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

শুকুৰবাৰৰ পৰা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ বৰ্ষযোৰা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ আজি ৰাতিপুৱা মহাবিদ্যালয়খনৰ নৱনিৰ্মিত তোৰণ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ ড° সান্তনাময়ী মজুমদাৰে ৷ তাৰপিছতেই পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন চৌধুৰীয়ে ৷

স্থানীয় বিধায়ক তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে মূল পতাকা উন্মোচন কৰাৰ সমান্তৰালকৈ ২৫ খন পতাকা উন্মোচন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ প্ৰাঃ সাধাৰণ সম্পাদিকাসকলে ৷ তাৰপিছতে গছপুলি ৰোপণ, স্মৃতিগ্ৰন্থ উন্মোচন তথা সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত হয় ৷

বিয়লি মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ শীলৰ সঞ্চালনাত মহাবিদ্যালয়ৰ প্ৰাঃ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰীসকলৰ মাজত এক অন্তৰংগ আলাপ অনুস্থিত হয় ৷ ছাত্ৰীসকলে নিজৰ নিজৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হোৱা পৰিলক্ষিত হয় ৷ নিশাৰ ভাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তৰালি শৰ্মাই অনুষ্ঠান পৰিৱেশন কৰিব ৷ অহা ২০ জানুৱাৰীত ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ অন্ত পৰিব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in