বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান

বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান

ডিজিটেল ডেস্কঃ বনদস্যু বীৰাপ্পনাৰ কন্যা বিদ্যাৰাণীয়ে যোগ দিলে ৰাজনীতিত। বিজেপিত যোগ দিলে বনদস্যুগৰাকীৰ জ্যেষ্ঠ কন্যাই। দলটোৰ সাধাৰণ সম্পাদক মুৰলীধৰ ৰাও আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পন ৰাধাকৃষ্ণণৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান পৰ্ব।

তামিলনাডুৰ কৃষ্ণাগিৰী জিলাত অনুষ্ঠিত হৈছিল যোগদানৰ অনুষ্ঠান। বিজেপিত যোগদান কৰিয়েই পিতৃক স্মৰণ কৰে বীৰাপ্পনাৰ কন্যাই। তেওঁ কয়, মোৰ পিতৃয়েও মানুহৰ হকে কাম কৰিব বিচাৰিছিল। কিন্তু তেওঁ গ্ৰহণ কৰা পথ শুদ্ধ নাছিল। দেশ আৰু মানুহৰ হকে কাম কৰাৰ বাবেই বীৰাপ্পনাৰ কন্যাই ৰাজনীতিত যোগদান কৰা বুলি উল্লেখ কৰে।

বৃত্তিত বীৰাপ্পনাৰ কন্যা বিদ্যাৰাণী এগৰাকী অধিবক্তা আৰু সমাজসেৱিকা। ইয়াৰ পূৰ্বেও সংবাদমাধ্যমত চৰ্চা হৈছিল বিদ্যাৰাণী প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাত বাধা হৈ থিয় দিছিল তেওঁৰ মাতৃ। আদালতৰ কাষ চাপিছিল বিদ্যাৰাণী। তামিলনাডু উচ্চ ন্যায়ালয়ে এই বিবাহত কাৰো আপত্তি থাকিব নোৱাৰে বুলি নিৰ্দেশ প্ৰদান কৰিছিল। শনিবাৰে অনুষ্ঠিত হৈছিল এই যোগদান অনুষ্ঠান। ইফালে বিজেপিৰ বীৰাপ্পনাৰ কন্যাই যোগদান কৰাৰ ঘটনাক ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে সস্তীয়া ৰাজনীতিৰ আখ্যা দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in