স্বাধীনতা দিৱসত উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ ‘বীৰ চক্ৰ’

স্বাধীনতা দিৱসত উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ ‘বীৰ চক্ৰ’

ডিজিটেল ডেস্কঃ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ এখন এফ-১৬ বিমান আকাশ মাৰ্গতে আক্ৰমণ চলাই ধ্বংস কৰিবলৈ সক্ষম হোৱা ভাৰতীয় উইং কামাণ্ডৰ অভিনন্দন বৰ্থমানক দেশৰ তৃতীয় সৰ্ব্বোচ্ছ যুদ্ধ ক্ষেত্ৰৰ সন্মান 'বীৰ চক্ৰৰে' সন্মানিত কৰা হ'ব। অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানতে উইং কমাণ্ডাৰগৰাকীক এই সন্মানেৰে সন্মানিত কৰিব ভাৰত চৰকাৰে।

আনফালে বালাকোট আক্ৰমণৰ সময়ত মিৰাজ-২০০০ বিমানেৰে পাক অধিকৃত এলেকাত থকা জৈছ-ই-মহম্মদৰ ঘাটীত আক্ৰমণ চলাই সাহসিকতাৰ পৰিচয় দিয়া বায়ু সেনাৰ ৫ গৰাকী পাইলটকো স্বাধীনতা দিৱসৰ দিনা 'বায়ু সেনা' সন্মানেৰে সন্মানিত কৰিব।

লগতে ভাৰতীয় বায়ু সেনাৰ স্কোৱাৰ্ডন লীডাৰ মিনতী আগৰৱালে ২৭ ফেব্ৰুৱাৰীৰ বালাকোট আক্ৰমণৰ সময়ত যুঁজাৰু বিমান নিয়ন্ত্ৰক হিচাপে দেখুওৱা প্ৰদৰ্শনৰ বাবে তেওঁক 'যুদ্ধ সেৱা' সন্মানেৰে সন্মানিত কৰা হ'ব। সাহসিকতাৰ এই বঁটা প্ৰাপ্তসকলৰ সূচীত ১৪ আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অনুমোদন জনাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in