পোখৰাণত বায়ুসেনাৰ ‘বায়ু শক্তি’ অনুষ্ঠান , অত্যাধুনিক যুঁজাৰু বিমানেৰে যুদ্ধাভ্যাস, চাওক VIDEO

পোখৰাণত বায়ুসেনাৰ ‘বায়ু শক্তি’ অনুষ্ঠান , অত্যাধুনিক যুঁজাৰু বিমানেৰে যুদ্ধাভ্যাস, চাওক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাশ্মীৰৰ বৰ্বৰ আক্ৰমণৰ পাছতে এতিয়া ভাৰতীয় সেনা অধিক সজাগ আৰু সৰ্তক হোৱা দেখা গৈছে। সমগ্ৰ দেশবাসীয়ে কামনা কৰিছে যে এই বৰ্বৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়ক ভাৰতে। ইতিমধ্যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সেনাক প্ৰদান কৰিছে পূৰ্ণ স্বাধীনতা।

কেন্দ্ৰৰ এনে নিদেৰ্শনাৰ পাছতে ৰাজস্থানৰ পোখৰাণত যুদ্ধৰ নিয়মীয়া অভ্যাসনৰ অংশৰূপে ভাৰতীয় বায়ুসেনাই এক আকৰ্ষণীয় অনুষ্ঠান ৰূপায়ন কৰে।

পোখৰাণত ভাৰতীয় বায়ুসেনাই ৰূপায়ন কৰা এই 'বায়ু শক্তি' অনুষ্ঠানত কেইবাখনো অত্যাধুনিক যুঁজাৰু বিমানৰ আখৰা নিৰীক্ষণ কৰে বায়ুসেনাৰ শীৰ্ষ পদাধিকাৰী সকলে।

বায়ুসেনাৰ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় বায়ু সেনা প্ৰধান বি এছ ধনোৱাৰ লগতে উপস্থিত থাকে শচীন তেণ্ডুলকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in