আজি ভেলেন্টাইন ডেঃ কিন্তু প্ৰেমিক যুগলক দুখ দিব এই খবৰে…

আজি ভেলেন্টাইন ডেঃ কিন্তু প্ৰেমিক যুগলক দুখ দিব এই খবৰে…

ডিজিটেল ডেস্কঃ আজি প্ৰেমৰ এটা বিশেষ দিন, ভেলেন্টাইন ডে। ছ'চিয়েল মিডিয়াত আজিৰ দিনটোত পুৱাৰে বিভিন্নজনে লিখিছে প্ৰেমবিষয়ক অলেখ লেখা। ফেচবুক, টুইটাৰ, ইষ্টাগ্ৰামৰ লগতে হোৱাটছ এপৰ ষ্টেচাটটো এজনে আনজনক জনাইছে প্ৰেমৰ এই বিশেষ দিনটোৰ ওলগ। পিছে প্ৰেমৰ এই বিশেষ দিনটোতে প্ৰেমৰ প্ৰতীক তাজমহল বন্ধ থাকিব। কিয়নো সপ্তাহৰ প্ৰতিটো শুকুৰবাৰেই দশনাৰ্থীসকলৰ বাবে বন্ধ থাকে তাজমহল। কেৱল নামাজ পঢ়িবৰ বাবেহে শুকুৰবাৰৰ দিনটোত কেইটামান ঘন্টাৰ বাবে তাজমহল খোলা থাকে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰুনসৰি শুকুৰবাৰে তাজমহল বন্ধ থকাৰ কথা জানিয়েই বৃহস্পতিবাৰে তাজমহলৰ চৌহদত দেখা গ'ল বহু প্ৰেমিক যুগলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in