মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’

মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’

 মৃদুল কুমাৰ সন্দিকৈ

চন্দন কাঠৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল। কুণ্ডলী পকাই আকাশলৈ উৰিল ক'লা ধোঁৱা। মুহূৰ্ততে অস্তিত্বহীন হৈ গ'ল এটা কায়িক দেহ। এতিয়াতো সকলো স্মৃতি। সকলো অতীত। অনুভৱৰ সীমনাত ৰৈ যাব কিছু স্মৃতি। সকলো শেষ হৈয়ো যেন শেষ হোৱা নাই এই জীৱন। হৃদয়ৰ কোনোবা একোণত, মানসপটত ভাহি আছেহি সেই চিনাকি মুখ। কাণত বাজি আছেহি সেই পৰিচিত কণ্ঠ। গহীন-গম্ভীৰ স্বৰ, উদাস দৃষ্টি আৰু ভাবুক মুখত কেতিয়াবা বিৰিঙি উঠা বিৰল হাঁহিটো।

এনেকৈয়ে শেষ হৈ যায় সকলো। এয়া নিয়তিৰ খেলা। হৃদয় খুলি ভাল পালেও, কোটি কোটি লোকে প্ৰাৰ্থনা কৰিলেও সময়ে নুশুনে একো। আহে যেনেকৈ, গুচি যায় মানুহ। এদিন খালী হাতেৰে তেওঁ আহিছিল। আৰু আজি দুহাত মেলি খালী হাতেৰে তেওঁ গুচি গ'ল। শেষ বিদায় জনাবলৈ মানুহৰ বিৰাট সমদল। এইবোৰ তেওঁ একোৱেই গম নাপালে। পুৱাই পৰিচিত ঘৰখনৰ পৰা ফুলেৰে সুসজ্জিত গাড়ীত উঠাই তেওঁক লৈ যোৱা হৈছিল বিজেপিৰ মুখ্য কাৰ্যালয়লৈ।

১৬ আগষ্ট, ২০১৮ লৈকে তেওঁ হয়তো জীয়াই নাথাকিলহেঁতেন। যদিহে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁক সহায় নকৰিলেহেঁতেন। কৰণ জোহৰৰ সৈতে এদিন কথা পাতিছিল। তেতিয়া নিজ মুখে কৈছিল এই কথা- 'আজি যদি মই জীয়াই আছো, তেন্তে কেৱল ৰাজীৱ গান্ধীৰ বাবে'।

গ্লাছৰ বাকচটোৰ ভিতৰত নীৰব-নিস্তব্ধ হৈ শুই আছিল তেওঁ। ফুল আৰু মালাৰ পাহাৰ হৈছিল তেওঁৰ দুকাষে। এয়া আনুষ্ঠানিকতা। এনেদৰেই আৰম্ভ হৈছিল আজিৰ দিনটো। দিল্লীত তেতিয়া ভীষণ ব্যস্ততা। গুচি যাব আজি তেওঁ একেবাৰে। প্ৰাণহীন দেহটোও নাথাকে আজিৰপৰা। দেশ-বিদেশৰ পৰা মানুহ আহিছে। আন দিনা হোৱা হ'লে তেওঁ দুহাত আগুৱাই গলত আৱদ্ধ কৰি ল'লে হেঁতেন প্ৰিয় বন্ধু হামিদ কাৰজাইক। সম্ভাষণ জনালে হেঁতেন বিদেশী ৰাষ্ট্ৰ নেতাসকলক।

যোৱা ৯ বছৰে তেওঁ এনে কৰিব পৰা নাছিল। অৱচেতন মন আৰু সংজ্ঞাহীন জীৱনৰ বোজা লৈ তেওঁ জীয়াই আছিল। আছিল এটা অস্তিত্ব। সেই অস্তিত্বও আজিৰ পৰা শূন্যত মিলি গ'ল। জুইয়ে পঞ্চভূতত বিলীন কৰি দিলে অটল বিহাৰী বাজপেয়ী নামৰ মানুহজনক। তোলনীয়া জী নমিতাই চিতাৰ চাৰিওপাশে ঘূৰি লাহেকৈ চন্দনৰ খৰিত অগ্নি সংযোগ কৰোতেই পুৰোহিতে মাতিলে মন্ত্ৰ। যি মন্ত্ৰত জীৱন আৰু প্ৰাণৰ পৰিসমাপ্তি হোৱাৰ প্ৰস্তুতি আছিল।

দুপৰীয়া তেওঁৰ নশ্বৰ দেহ লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ হৈছিল আন এক সমদল। তেওঁৰ কাষত আছিল প্ৰধানমন্ত্ৰীকে ধৰি বহু মানুহ। 'অটলজী অমৰ হো' শ্ল'গান দিছিল মানুহবোৰে। কোনো প্ৰতিক্ৰিয়া নাছিল তেওঁৰ। কিমান ভাল পালে দিল্লীৰ দৰে ব্যস্ত মহানগৰত সমবেত হ'ব পাৰে ইমান মানুহ? কিমান ভাল পালে দহোবন কাটি কৰি দৌৰি যাব পাৰে তেওঁৰ কাষলৈ ব্যস্ত নেতা-মন্ত্ৰীসকল? দল-ধৰ্ম-আদৰ্শক এৰি তেওঁৰ কাষলৈ যোৱাসকলহে আচলতে ধন্য হৈছিল।

১৬ আগষ্ট, ২০১৮ লৈকে তেওঁ হয়তো জীয়াই নাথাকিলহেঁতেন। যদিহে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁক সহায় নকৰিলেহেঁতেন। কৰণ জোহৰৰ সৈতে এদিন কথা পাতিছিল। তেতিয়া নিজ মুখে কৈছিল এই কথা- 'আজি যদি মই জীয়াই আছো, তেন্তে কেৱল ৰাজীৱ গান্ধীৰ বাবে'। সেয়া আছিল ১৯৮৭ চনৰ কথা। জটিল কিডনী ৰোগত আক্ৰান্ত হৈছিল। চিকিৎসাৰ বাবে তেওঁৰ হাতত ধন নাছিল। তেতিয়াই তেওঁক সহায় কৰিছিল ৰাজীৱ গান্ধীয়ে। তাৰ পাছতো আমি সৰু মানুহবোৰে কংগ্ৰেছ-বিজেপি বুলি ৰাজনীতি কৰো। নিজৰ মাজতে আদৰ্শৰ পাৰ্থক্যৰ বাবে বাহুবল দেখুৱাও। সংকীৰ্ণতাৰ মাজত নিজক বন্দী কৰি থওঁ। কিন্তু তেওঁলোক আছিল সেইবোৰৰ উৰ্ধ্বত। সেইবাবেইতো তেওঁলোক নেতা। জনতাৰ হৃদয়ত তেওঁলোকৰ স্থান।

যোৱাৰ পৰত তেওঁ একো লৈ নগ'ল। থৈ গ'ল বহু কিবা-কিবি। এইখন তেওঁৰ বিচনা।

খালী হৈ পৰি ৰ'ব আজিৰ পৰা। খুব কম সময় তেওঁ শুইছিল। শুবলৈ তেওঁৰ সময় আছিল বা ক'ত! মানুহৰ বাবে, মানুহৰ হকে ওৰেটো জীৱন উৎসৰ্গিত মানুহজনে নিজৰ কথা ভাবিবলৈকে সময় পোৱা নাছিল। সেয়ে চিৰকুমাৰ হৈয়ে থাকি গ'ল আজীৱন। কোনো নাথাকিলেও তেওঁৰ কাষত আছিল দেশবাসী। তাৰ প্ৰমাণ আজি।

স্থাবৰ-অস্থাবৰ সম্পত্তি, সকলো এৰি থৈ যাব লাগে এই পৃথিৱীত। তিনিবাৰকৈ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল। ইচ্ছা কৰা হ'লে তেওঁ কোটি কোটি টকা থৈ যাব পাৰিলেহেঁতেন। সেই ইচ্ছা বা অভিপ্ৰায় তেওঁৰ নাছিল। প্ৰধানমন্ত্ৰী হ'লেও সাধাৰণ মানুহৰ দৰেই কটাইছিল জীৱন। ২০০৪ চনত তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেতিয়া তেওঁৰ সম্পত্তি কিমান আছিল জানে? তেওঁৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগত দাখিল কৰিছিল সম্পত্তিৰ হিচাপ। সেই শপতনামাৰ পৃষ্ঠা এইবোৰ।

৬ পৃষ্ঠাজোৰা এই শপতনামাতেই উল্লেখ আছিল এজন তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা সম্পত্তিৰ খতিয়ান। তাৰ পৃষ্ঠা এইবোৰ। নিজেই পঢ়ক এই শপতনামাৰ দ্বিতীয়টো পৃষ্ঠা।

সম্পত্তিৰ প্ৰতি তেওঁৰ লালায়িত নাছিল। মিছা তেওঁ ক'ব নাজানিছিল। নিৰ্বাচন আয়োগক তেওঁ জনাইছিল- তেওঁৰ হাতত তেতিয়া নগদ ধন আছিল ২০হাজাৰ টকা। বেংকৰ একাউণ্টত থকা ধনৰ পৰিমাণ ৩,৮২,৮৮৬.৪২ টকা। এছ বি আইৰ বেংক একাউণ্টত এই ধন থকাৰ লগতে সেই বেংকটোতে ফিক্স ডিপ'জিত আছিল ২৫,৭৫,৫৬২.৫০ টকা। এন এছ চিৰ জৰিয়তে জমা থোৱা ধনৰ পৰিমাণ আছিল ১,২০,৭২৮টকা। তেওঁৰ এটা নতুন দিল্লীত ফ্লেট আছিল। পূব কল্যাণ নগৰৰ এছ এফ এছ এপাৰ্টমেণ্টত থকা এই ফ্লেটৰ মূল্য ২২লাখ টকা আছিল তেতিয়া। গোৱালিয়াৰতো তেওঁৰ ৬লাখ টকাৰ মূল্য পিতৃপদত্ত সম্পত্তি আছিল। সকলো মিলি মুঠ ৫৮লাখ টকাৰ সম্পত্তিৰ গৰাকী আছিল তেওঁ।

অৰ্থাৎ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা অটল বিহাৰী বাজপেয়ীৰ সম্পত্তিৰ মূল্য ১ কোটিও নাছিল ২০০৪ চনত। কিয়নো তেওঁৰ লোভ-মোহ একো নাছিল। অৱশ্যে মৃত্যুৰ পাছত www.celebritynetworth.com নামৰ ৱেবছাইটটোৱে প্ৰকাশ কৰিছে বৰ্তমান তেওঁৰ সম্পত্তিৰ মূল্য ১৪.০৫ কোটি। এই তথ্য কিমান সঁচা সেয়া বিশ্চাৰ্যৰ বিষয়।

সমদল আগবাঢ়ি গৈছিল। ৰাষ্ট্ৰীয় স্মৃতিস্থলত সকলো সাজু হৈছিল। ফুলসজ্জিত গাড়ীৰ পৰা তেওঁৰ নশ্বৰ দেহ নমাই ফুলেৰে সজাই থোৱা স্থানত ৰখোৱা হ'ল। শ্ৰদ্ধাঞ্জলি জনালে সকলোৱে। আৰুনো কিমান পৰ? তাৰ পাছতটো সকলো শেষ। তেতিয়া সময় ৪.২৭ বাজিছিল। সমীপতে সাজু হৈ আছিল চন্দন কাঠেৰে সজা চিতাখন। কিছু সময় পাছতে আৰম্ভ হ'ল অন্তিম বিদায়ৰ অন্তিম পৰ্ব। নশ্বৰ দেহৰ কাষত পৰিয়াল তথা প্ৰিয়জন। প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰপতিকে ধৰি অগণন লোকৰ ভিৰ। সেনা বাহিনীৰ জোৱানে নশ্বৰদেহ কফিনৰ পৰা উলিওৱাৰ পূৰ্বে সেনাৰ তিনি প্ৰধানে তেওঁক শেষ বিদায় জনালে। বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে ফুলৰ থোপা দি ক'লে 'বিদায় বাজপেয়ী'। তেওঁৰ নশ্বৰদেহ মেৰিয়াই থোৱা পতাকাখন খুলি পৰিয়ালৰ হাতত তুলি দিলে।

মৃতদেহটো সেনাৰ ৮জন জোৱানে মিলি সমীপতে থকা সাঙিখনত আনি থলে। পৰিয়ালৰ লোকসকলে বাজপেয়ীৰ নশ্বৰদেহৰ চৌপাশে কেবাবাৰো ঘূৰিলে। এয়া পৰম্পৰা। তেতিয়া কিছু নিলগতে বহি আছিল একালৰ ঘনিষ্ঠ বন্ধু তথা বিশ্বস্ত সহচৰ এল কে আদৱানি। তেওঁ যেতিয়া ৰাষ্ট্ৰীয় স্মৃতিস্থলত উপস্থিত হৈছিল তেতিয়া সন্মুখৰ শাৰীৰ চকীত বহি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাৰ কাষৰ চকীখনত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। মাজত দুখন খালী চকী। তাৰ সিফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ৰাহুল গান্ধী। আদৱানি গৈ মনমোহন সিঙৰ কাষত বহিব বিচাৰিলে। অমিত শ্বাহে হাতত ধৰি নিজৰ ফালে টানি আনিলে। এইবোৰ দৃশ্যইটো কৈ যায় বহু কথা। তাতে আজি বাজপেয়ী নাই। মানুহজন আৰু ভাবুক হৈ পৰিছিল। নিসংগতা ধৰা পৰিছিল তেওঁৰ চকুলোত। কিবা কৰিব পাৰক বা নোৱাৰক বাজপেয়ী জীয়াই থাকোতে তেওঁ কিছু হ'লেও আশ্বস্ত হৈ আছিল। আজি সেয়াও নাই।

পৰম্পৰা অনুসৰি মৃতদেহ সৎকাৰৰ বাবে প্ৰস্তুতি চলি আছে। তেতিয়া কেমেৰাৰ ফ্ৰেমত বন্দী হৈছে আদৱানি। ভাবুক দৃষ্টিৰে আকাশলৈ চাইছে। হঠাৎ চকুত পৰিল সেই একে শাৰীতেই কিছু নিলগত বহি আছে মুৰুলী মনোহৰ যোশী। এদিনতো তেওঁলোকেই আছিল এই দলটোক হাতে-কামে লাগি গঢ়া মানুহ। বাজপেয়ীক আগত ৰাখি আদৱানি আছিল তেওঁৰেই পাছত। আৰু তাৰ পাছত আছিল সুষমা স্বৰাজ, মুৰুলী মনোহৰ যোশী, প্ৰমোদ মহাজন আদি অনেকজন। ৰথযাত্ৰাৰে বিজেপিৰ ভেটি সুদৃঢ় কৰা, উগ্ৰ হিন্দুত্ববাদৰ অন্যতম প্ৰবক্তা ৰূপে সমালোচিত হ'লেও বাজপেয়ী আৰু আদৱানিৰ যুটি আছিল উদাৰ আৰু ধৰ্মীয় তাড়নাৰে সংমিশ্ৰিত ভাৰসাম্য ৰক্ষা কৰা ৰাজনীতিৰ প্ৰতীক।

সাঙীখন পৰিয়ালৰ সদস্যই দাঙি নতিদূৰৈত থকা চিতাৰ ফালে আগবঢ়াই নিলে। আগে আগে তেওঁৰ তোলনীয়া কন্যা নমিতা। হাতত জুই জ্বলি থকা এটা তামৰ পাত্ৰ। প্ৰায় ১০জনীয়া পূজাৰীৰ এটা দলে মন্ত্ৰোচ্চাৰণ কৰিলে। ইমান মানুহ, কিন্তু কাৰো মুখত এটা মাত নাই। দুখৰ বৰষুণত সকলো তিতিছে। চিতাৰ কাষত পুনৰ নশ্বৰদেহ থোৱা হ'ল। পূজাৰীয়ে আনুষ্ঠানিকতা কৰিলে। কাপোৰখনৰ চাৰিটা মূৰত চাৰিজনে আৰু মাজত দুজনে ধৰি চিতাৰ ওপৰত বাজপেয়ীক শুৱাই দিলে। এয়াইতো তেওঁৰ অন্তিম শয়ন। কাষত থকা চন্দন কাঠৰ খৰিৰ টুকুৰবোৰ তেওঁৰ দেহৰ ওপৰত জাপি দিয়া হ'ল। কাপোৰখন টানি উলিয়াই দিলে। সময় তেতিয়া ৪বাজি ৪৪মিনিট। চিতাত মুখাগ্নি কৰিলে নমিতাই। আৰু এনেকৈয়ে আজি অন্ত পৰিল 'বাজপেয়ী' নামৰ অধ্যায়ৰ।

তেওঁ একোৱেই লৈ নগ'ল। দি গ'ল মূল্যবোধৰ ৰাজনীতি। এৰি থৈ গ'ল তেওঁৰ নামত থকা যৎসামান্য ধন-সম্পত্তি। অকলশৰীয়া কৰি থৈ গ'ল আদৱানিক। আৰু থৈ গ'ল প্ৰমূল্য তথা সততা। থাকি গ'ল তেওঁৰ সেই অমৰ কথাবোৰ, কবিতাবোৰ। বাজপেয়ীক হেৰুৱাই দেশে হেৰুৱালে এজন প্ৰকৃত ৰাষ্ট্ৰনেতাক, সংসদে হেৰুৱালে এজন শ্ৰেষ্ঠ সংসদক, বিজেপিয়ে হেৰুৱালে মাৰ্গদৰ্শকক আৰু আদৱানিয়ে হেৰুৱালে বিস্বস্ত সতীৰ্থক। হেৰুৱাবলৈ একোৱেই নাছিল বাজপেয়ীৰ। তেওঁতো ফকীৰ মানুহ। নাছিল সংসাৰ, ঘৰ-দুৱাৰ। লোভ-মোহ, যশস্যাৰ প্ৰতি তেওঁ সদায় উদাস। যি হেৰুৱালে দেশে হেৰুৱালে, যি হেৰুৱালো আমি হেৰুৱালো।

তেওঁক শেষ বিদায় জনাবলৈ সকলো গৈছিল। তাৰ মাজত আছিল স্বামী অগ্নিবেশ। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত তেওঁ সোমাব বিচাৰিছিল। উদ্দেশ্য আছিল মহৎ। বাজপেয়ীক শেষ শ্ৰদ্ধা জনাবলৈ তেওঁ আহিছিল সকলো পাহৰি। বাজপেয়ী কেৱল বিজেপিৰ নেতা নাছিল। তেওঁ আছিল দেশৰ নেতা, প্ৰধানমন্ত্ৰী। সেয়ে হয়তো দৌৰি আহিছিল বাজপেয়ীৰ নশ্বৰদেহত এপাহ ফুল যাচি আদৰ্শৰ পাৰ্থক্য থাকিলেও তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ। কিন্তু তাতেই ঘটি গ'ল অঘটন। দুদিনমানৰ পূৰ্বে ঝাৰখণ্ডত তেওঁক বিজেপিৰ সমৰ্থকে অপদস্থ কৰিছিল। প্ৰহাৰ কৰিছিল, কাপোৰ-কানি খুলি দিছিল। ভবা নাছিল বাজপেয়ীৰ নশ্বৰদেহৰ সন্মুখতো অনুৰূপ পৰিস্থিতিৰেই সন্মুখীন হ'ব। কোনোবাই আহি তেওঁলৈ লক্ষ্য কৰি সোধালে এটা ঘোচা। আন কোনোবা এজনে পাগুৰিটো কাঢ়ি লৈ গ'ল।

কি আচৰিত! বাজপেয়ীক সন্মান জনাবলৈ অহাজনৰ প্ৰতি এনে ব্যৱহাৰ। বিশ্বাস কৰিব নোৱাৰা ঘটনা। বাজপেয়ী যদি জীয়াই থাকিলহেঁতেন, তেন্তে প্ৰথম এনে ঘটনাৰ গৰিহণা বাজপেয়ীয়েই দিলেহেঁতেন। আজি তেওঁক শেষ বিদায় জনাবলৈ অহা জনকেই কৰিলে এই অৱস্থা। আৰক্ষীয়ে তেওঁক ভান এখনত উঠাই অাতৰাই লৈ গ'ল। বাজপেয়ীৰ মহাপ্ৰস্থানৰ লগে লগে যেন কাৰোবাৰ এনে উদণ্ড কাৰবাৰে পতন যাত্ৰাৰ ইংগিত দি থৈ গ'ল।সেই কথা সময়ত অধিক স্পষ্ট হ'ব। কিন্তু এনে উদ্ধতালিৰ পৃষ্ঠপোষকতা কেতিয়াও কৰা নাছিল বাজপেয়ীয়ে। যাৰবাবে সকীয়াই দিছিল খোদ মোডীক!

গুৱাহাটী বিহু সন্মিলনীৰ কৰ্মকৰ্তা তথা ৰাইজৰ মাজত প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বাজপেয়ী
গুৱাহাটী বিহু সন্মিলনীৰ কৰ্মকৰ্তা তথা ৰাইজৰ মাজত প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বাজপেয়ী

ৰাষ্ট্ৰজুৰি শোকৰ লহৰ। অসমতো যেন একেই শোক। স্বতঃস্ফূৰ্তভাৱে চামিল হৈছে সকলোৱে শোকৰ মিছিলত। তেওঁৰ প্ৰতি সন্মান জনাই আজি অনুষ্ঠিত হোৱা নাই কোনো অনুষ্ঠান। উপলব্ধি কৰিছে অসমক ভালপোৱা এজন ৰাষ্ট্ৰ নেতাৰ বিয়োগৰ দুখ। আনকি, মাছ বিক্ৰী কৰিবলৈ অহা বেপাৰীয়েও ক'বলৈ বাধ্য হৈছে- 'আজি মানুহে বাজপেয়ী মৰাৰ বাবে মাছো খোৱা নাই নেকি?' সাধাৰণ মানুহৰ সাধাৰণ কথা। তাতেইটো লুকাই আছে তেওঁৰ প্ৰতি থকা ভালপোৱা আৰু শ্ৰদ্ধাৰ সঁচা ছবি। তেওঁৰ প্ৰতিমূৰ্তি মৃত্যুৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল অসমত। হোজাইত নিৰ্মাণ হৈছিল সেই প্ৰতিমূৰ্তি। তাতো জ্বলিল তেওঁক সুঁৱৰি চাকি-বন্তি। অসম-অসমীয়াক যেনেকৈ ভাল পাইছিল তেওঁ, তেওঁকো অন্তৰৰে ভাল পাইছিল অসমীয়াই। সেয়েতো আজি ইমান দুখ। তেওঁৰ বিয়োগত অসমবাসীৰ ইমান শোক।

জীৱিত কালতেই বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপন হৈছিল হোজাইত
জীৱিত কালতেই বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপন হৈছিল হোজাইত

দপদপকৈ জ্বলি উঠা জুই কুৰা জ্বলি আছিল। প্ৰত্যক্ষভাৱে সাক্ষী হ'ব নোৱাৰিলেও সেই অন্তিম যাত্ৰাৰ সাক্ষী হ'বলৈ টিভিৰ কাষত বহিছিল দেশৰ কোটি কোটি মানুহ। ছ'চিয়েল মিডিয়াত একেই গুণ-গান। হোৱাটছএপত আহিছিল এটা বাৰ্তা। বাজপেয়ীৰ জন্ম হৈছিল ২৫ ডিচেম্বৰ ১৯২৪চনত। কোনোবাই যোগ কৰিলে এই সংখ্যা কেইটা- ২৫-১২-১৯২৪ (২+৫+১+২+১+৯+২+৪=২৬) যোগফল ওলাল ২৬। তাৰ পাছত মৃত্যুৰ তাৰিখ- ১৬ আগষ্ট, ২০১৮। যোগ কৰিলে মৃত্যুৰ তাৰিখত থকা সংখ্যা কেইটা- ১৬-০৮-২০১৮ (১+৬+০+৮+২+০+১+৮=২৬)। মৃত্যুৰ তাৰিখৰ যোগফলো ওলাল ২৬। জন্ম-মৃত্যুৰ তাৰিখৰ যোগফল বিয়োগ কৰা হ'লঃ ২৬-২৬=০। হয়, জন্ম আৰু মৃত্যুৰ যেন এই শূন্যতেই বিৰাজমান। সকলো শূন্য আচলতে। বাজপেয়ীৰ দৰে জীৱনে কৈ গ'ল এই কথা। লাহে লাহে জুইৰ শিখা ম্লান পৰিল। আৰু অৱশেষত ছাইত মিলি গ'ল জুই। মিলি গ'ল সেই ছাইৰ মাজত অটল বিহাৰী বাজপেয়ী নামৰ চিনাকি মানুহজন।

মনত পৰিছে আজি, জুইয়ে পুৰা ৮৩'ত তুমিয়েতো আহি কৈছিলাহি 'জয় আই অসম'…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in