ফেচবুকত বাজপেয়ীক চৰম অপমান, গহপুৰত আটক যুৱক

ফেচবুকত বাজপেয়ীক চৰম অপমান, গহপুৰত আটক যুৱক

ডিজিটেল সংবাদ, গহপুৰঃ যিসময়ত দেশে অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাক হেৰুৱাই শোক ম্ৰিয়মান হৈ পৰিছিল, সেইসময়ত অসমৰ এজন শিক্ষিত যুৱকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক লৈ ছ'চিয়েল মিডিয়াত লিখিছিল কিছু আপত্তিজনক মন্তব্য।

গহপুৰৰ ধেনুধৰা গাঁৱৰ দীপ শৰ্মা নামৰ যুৱকজনৰ এনে কাণ্ডই সকলোৰে চকু কপালত তুলিছিল। ফেচবুকত উচ্চ শিক্ষিত এই যুৱকজনে লিখিছিল- 'মীৰাট ষড়যন্ত্ৰ মামলাৰ ব্ৰিটিছ ৰাজসাক্ষী। এনে দেশদ্ৰোহীও যে বহুতৰে নমস্য! প্ৰধানমন্ত্ৰী হ'ল তিনিবাৰকৈ। আজি মৰিল, বেমাৰত ভুগি তিলতিলকৈ, নিঃসংগ হৈ।'

মৃত্যুৰ দিনাই প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিষয়ে এনেদৰে চৰম অপমানজনক মন্তব্য দিয়া এই যুৱকজনক আজি কিছু সময় পূৰ্বে আটক কৰিছে গহপুৰ আৰক্ষীয়ে। এই বিতৰ্কিত পোষ্টটোৰ বিৰুদ্ধে গহপুৰ থানাত বিজেপি কৰ্ম-কৰ্তাসকলে তৰা এক গোচৰৰ ভিত্তিত যুৱকজনক আৰক্ষীয়ে আটক কৰে।

গহপুৰ নগৰ মণ্ডল বিজেপিৰ এজাহাৰত যুৱকজনৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনাইছে। আৰক্ষীয়ে যুৱকজনক এই সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে। বাজপেয়ীৰ দৰে এজন নেতাৰ বিৰুদ্ধে এজন উচ্চ শিক্ষিত যুৱকে এনে মন্তব্য কৰা কাৰ্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উচ্চ শিক্ষিত দীপ শৰ্মা নামৰ এই যুৱকজনে অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাৰ বিৰুদ্ধে এনে কুটমন্তব্য দিয়া কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে। ১৬আগষ্টত বাজপেয়ীৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশ শোকত স্তব্ধ হৈছে। আনকি গহপুৰৰ বিপুল গাংগুলি নামৰ এজন যুৱকে বাজপেয়ীৰ মৃত্যুৰ পাছত নীতি-নিয়ম পালি প্ৰিয় নেতাজনৰ শ্ৰাদ্ধ পাতিবলৈ সিদ্ধান্ত লৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে অপমান কাৰ্যক সহজভাৱে লোৱা নাছিল সচেতন ৰাইজে। সেয়েহে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছিল গহপুৰ নগৰ মণ্ডল বিজেপিয়ে। বাজপেয়ীক এইদৰে অপমান কৰা কাৰ্যই অসম তথা দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে বিজেপি তথা স্থানীয় ৰাইজে।

ইফালে আৰক্ষীয়ে জেৰা কৰাৰ পিছত বাজপেয়ীক অপমান কৰা যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰি থানাত লিখিতভাৱে ভৱিষ্যতে এনে নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। যুৱকজনে গহপুৰবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ ওচৰত উক্ত কাৰ্যৰ বাবে ক্ষমা বিচাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in