গংগাত প্ৰয়াত বাজপেয়ীৰ অস্থি বিসৰ্জন কন্যা নমিতাৰ

গংগাত প্ৰয়াত বাজপেয়ীৰ অস্থি বিসৰ্জন কন্যা নমিতাৰ

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰত দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি বিসৰ্জন দিয়া হয়। হৰিদ্বাৰস্থিত হৰ কী পৌৰী ঘাটত সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে জননেতাগৰাকীৰ অস্থি বিসৰ্জন দিয়ে তেওঁৰ তোলনীয়া কন্যা নমিতা ভট্টাচাৰ্যই।

গংগা নৈত অস্থি বিসৰ্জনৰ সময়ত বাজপেয়ী কন্যাক সংগ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে বহু সংখ্যক লোকে। বাজেপেয়ীৰ নাতিনী নীহাৰিকায়ো মাতৃৰ সৈতে অস্থি বিসৰ্জন পৰ্বত ভাগ লয়।

বিসৰ্জনৰ পূৰ্বে উলিওৱা 'অস্থি কলস যাত্ৰা'ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে। প্ৰেম আশ্ৰমৰ অস্থি আৰু চিতা ভস্ম লৈ পৰা হৰ কী পৌৰত বিসৰ্জন দিয়া হয়।

বাজপেয়ীৰ অস্থি বিসৰ্জন তথা চিতা ভস্ম উটুৱাই দিয়াৰ সৈতে সংগতি ৰাখি গংগাৰ পাৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নেতাগৰাকীৰ বহু সংখ্যাক অনুৰাগী তথা গুণমুগ্ধ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in