তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ’ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ…

তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ’ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ…

ডিজিটেল ডেস্ক: কোৰোনাৰ সন্ত্ৰাসৰ মাজতে সুদীৰ্ঘ ৫ মাহৰ মুৰত মুকলি হব বৈষ্ণো দেৱী যাত্ৰা । ১৬ আগষ্টৰ পৰা আৰম্ভ হব এই যাত্ৰা । লকডাউনৰ বাবে ৫ মাহ ধৰি বন্ধ হৈ আছে বৈষ্ণো দেৱী যাত্ৰা । চৰকাৰী নিৰ্দেশনা অনুসৰি ১৬ আগষ্টৰ পৰা দৈনিক ৫শ যাত্ৰীৰ বাবে যাব পাৰিব বৈষ্ণো দেৱী মন্দিৰলৈ ।

মন্দিৰৰ কতৃপক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি "চৰকাৰৰে দিয়া নিৰ্দেশনা আমি পালন কৰাৰ লগতে আহিবলগীয়া তীৰ্থযাত্ৰী সকলেও এই নিয়ম মানি চলিব লাগিব।" ২০২০ বৰ্ষৰ জানুৱাৰীত প্ৰায় ৫ লাখ তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিছিল বৈষ্ণোদেৱী মন্দিৰ।যাৰ ফলত আশা কৰা হৈছিল এই বৰ্ষত তীৰ্থযাত্ৰীৰ সংখ্যাই অভিলেখ গঢ়িবলৈ সক্ষম হব । কিন্তু কৰ'ণাৰ সন্ত্ৰাসৰ বাবে ক্ষতি গ্ৰস্ত হৈছে জন্মু কাশ্মীৰ পৰ্যটন বিভাগ । ইফালে তীৰ্থযাত্ৰী নহাৰ ফলত বৈষ্ণো দেবী মন্দিৰৰ ওচৰত থকা বানিজ্যিক প্ৰতিষ্ঠান সমূহ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in