ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট’কল…

ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট’কল…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমনৰ লগতে দেশত তীব্ৰ গতিত চলিছে কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী । ৰাজ্যতো কোভিড ভেকচিনৰ গ্ৰহনৰ বাবে জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে । ১ মেৰ পৰা ১৮ বছৰৰ উৰ্ধৰ সকলোকে বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰা হ'ব ।

ইফালে কোভিড ভেকচিন গ্ৰহন কৰিবলৈ যোৱা জনসাধৰণে মনা নাই কোনো ধৰনৰ কোভিড প্ৰট'কল । জনসাধৰণে শাৰী পাতি ভিৰ কৰিছে কিন্তু মনা নাই কোনো সামাজিক দুৰত্ব । এই ক্ষেত্ৰত প্ৰশাসনৰ লগতে স্বাস্থ্য বিষয়াও কোনো ধৰনৰ পদক্ষেপ গ্ৰহন কৰা নাই ।

এনেধৰনে শাৰী পতাৰ ফলত কোভিড আক্ৰান্ত যদি কোনো ব্যক্তি থাকে,তেনেহ'লে বহু লোক কোভিড সংক্ৰমন হোৱাৰো আশংকা আছে । এই ক্ষেত্ৰত প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগেও পদক্ষেপ গ্ৰহন কৰা উচিত । অন্যথা এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হোৱাৰ আংশকা নুই কৰিব নোৱাৰি ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in