ভয়ংকৰ! হিমস্খলন-বানত ১৫০জনৰ মৃত্যুৰ আশংকা, উদ্ধাৰ ১০টা মৃতদেহ…চাওঁক VIDEO

ভয়ংকৰ! হিমস্খলন-বানত ১৫০জনৰ মৃত্যুৰ আশংকা, উদ্ধাৰ ১০টা মৃতদেহ…চাওঁক VIDEO

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ জোশীমঠত দেখা গৈছে এক ভয়ংকৰ দৃশ্য। যি দৃশ্য দেখিলে শিঁহৰি উঠিব আপোনাৰ দেহ। চমোলী জিলাৰ তপোবন এলেকাত দেওবাৰে হিমস্খলনৰ ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে ঋষিগংগা পাৱাৰ প্ৰজেক্ট। লগতে এনটিপিচিৰ এটা অংশতো ক্ষতি হৈছে এই হিমস্খলনৰ ফলত।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, তপোবনৰ এনটিপিচিৰ ছাইটত তিনিজন লোকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে দুয়োটা স্থানত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।এই উদ্ধাৰকাৰী দলে বৰ্তমানলৈ ১০টা মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে কয় যে, এই হিমস্খলনত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে আৰক্ষী, আইটিবিপিৰ দলসমূহ।

আনহাতে, হিমস্খলনৰ ফলত অলকানন্দা আৰু ধোলীগংগা নদীত সৃষ্টি হোৱা বানৰ প্ৰতি লক্ষ্য ৰাখি নদীৰ পাৰত বসবাস কৰা লোকসকলক উক্ত স্থানৰ পৰা দূৰলৈ আঁতৰোৱা হৈছে। উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে এই সন্দৰ্ভত কয় যে, এনডিআৰএফৰ দলেও উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। সাংবাদিকৰ আগত তেওঁ লগতে কয় যে- এই হিমস্খলন আৰু বানে প্ৰায় ১০০-১৫০জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in