বালি ভৰ্তি ট্ৰাকে মাৰিলে বাছত খুন্দাঃ ১৪জনকৈ লোক নিহত, ৩০ আহত…

বালি ভৰ্তি ট্ৰাকে মাৰিলে বাছত খুন্দাঃ ১৪জনকৈ লোক নিহত, ৩০ আহত…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ বাৰাবংকী জিলাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত এই দুৰ্ঘটনাত ১৪জনকৈ লোকৰ মৃত্যু হোৱাৰ উপৰি আহত হৈছে ৩০জনকৈ লোক। পুৱা প্ৰায় ৫ বজাত দেৱা থানাৰ অন্তৰ্গত মাটী ৰোডত সংঘটিত হয়। জানিব পৰা মতে, বালি ভৰ্তি ট্ৰাকখনে তীব্ৰবেগত সন্মুখৰ পৰা আহি থকা এই যাত্ৰীবাহী বাছখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত আহত লোক সকলক বাৰাবংকীৰ স্থানীয় হাস্পতালত ভৰ্তি কৰা হৈছে। আৰু যিসকল গুৰুতৰভাৱে আঘাৰপ্ৰাপ্ত হৈছে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌৰ চিকিৎসালয়লৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in