বিদ্যালয়ত পাঠদান চলি থাকোতেই হঠাৎ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহাক লৈ উত্তপ্ত পৰিস্থিতি

বিদ্যালয়ত পাঠদান চলি থাকোতেই হঠাৎ প্ৰশাসনে  উচ্ছেদ কৰিবলৈ অহাক লৈ উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, শিৱসাগৰঃ ১৯৫২ চনত শিৱসাগৰ নগৰত স্থাপন হোৱা এখন বিদ্যালয়। বিদ্যালয়খনৰ নাম শিৱসাগৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়। নাজিৰাৰ সন্দিকৈ পৰিয়ালে এসময়ত বিদ্যালয়ৰ বাবে ২ কঠা ১৩ লেচা মাটি দান কৰিছিল। সেই মাটিত চলি থকা বিদ্যালয় খনে ১৯৭৭ চনত চৰকাৰী মৰ্যদা পাইছিল। বুধবাৰে হঠাৎ বিদ্যালয়খন উচ্ছেদ কৰিবলৈ জেচিবি লৈ উপস্থিত হ'ল প্ৰশাসনৰ লোক। হুৱাদুৱা লাগিল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত। সেইসময়তে উপস্থিত হ'ল বিদ্যালয় সমূহৰ পৰিদৰ্শক।

বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত প্ৰশাসনে আদালতৰ হুকুম পালন কৰিবলৈ অহাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বহু সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ ভৱিষ্যতক লৈ সৃষ্টি হয় অনিশ্চয়তাৰ। অৱশেষত প্ৰশাসনৰ লোক উপস্থিত হৈ জিলা উপায়ুক্তৰ চেষ্টাত মহামান্য আদালতত এক আৱেদন দাখিল কৰাত কথমপি ৰক্ষা পৰে বিদ্যালয়খন।

উল্লেখযোগ্য যে এসময়ত দান কৰা বিদ্যালয়ৰ মাতি দাতা পৰিয়ালৰ লোকে পুনৰ দাবী কৰি আজিৰ পৰা বহ বছৰৰ আগত এক গোচৰ তৰিছিল শিৱসাগৰ মুঞ্চিফ আদালতত।দীৰ্ঘ দিন ধৰি চলা গোচৰত বিদ্যালয়ৰ হৈ এজনে অধিবক্তাই প্ৰতিনিধিত্ব কৰি আছিল যদিও তেওঁৰ মৃত্যুৰ পাছত বিদ্যালয়ৰ হৈ আদালতত কোনো উপস্থিত নোহোৱাত আদালতে গোচৰীয়াৰ হৈ ৰায়দান কৰে। কিন্তু বিদ্যালয়ে আদালতৰ পৰা কোনো উচ্ছেদ সম্পৰ্কীয় জাননী লাভ কৰা নাই বুলি জানিব দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in