হাটশিঙিমাৰীৰ ভিমাপাৰাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান, উচ্ছেদস্থলীত নিৰ্মাণ হব উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়…

হাটশিঙিমাৰীৰ ভিমাপাৰাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান, উচ্ছেদস্থলীত নিৰ্মাণ হব উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ভিমাপাৰা গাঁৱত শনিবাৰে জিলা প্ৰশাসনে প্ৰায় ২ শতাধিক লোকৰ ঘৰত উচ্ছেদ অভিযান চলাই প্ৰায় ৮০ বিঘা ভূমি বেদখলমুক্ত কৰে। প্ৰশাসনে উক্ত স্থানত বসবাস কৰি অহা লোক সকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে, জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় ১ কিলোমিটাৰ নিলগত থকা ভিমাপাৰা গাঁৱৰ মাতিনেৰচৰ গাঁৱত পুৱা ১০ বজাৰ পৰা জিলা প্ৰশাসনে দিনজুৰি উচ্ছেদ অভিয়ান চলায়। জিলা প্ৰশাসনৰ পৰা জিলা অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমানৰ নেতৃত্বত অতিৰিক্ত উপায়ুক্ত ৰাজেশ্বন তেৰাং, জিলা সহকাৰী আয়ুক্ত দিপঙ্কৰ নাথ, জিলা সহকাৰী আৰক্ষী অধীক্ষক আৰিফ আহমেদসহ মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়ববীয়াৰ উপস্থিতিত গাঁওখনত চলোৱা হয় এই উচ্ছেদ অভিযান।

জিলা অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমান জানিবলৈ দিয়া মতে চৰকাৰী খাচ মাটিত জিলাখনৰ একাংশ লোক স্থায়ী ভাৱে ঘৰ সাজি মাটি দখল কৰি আহিছিল। উক্ত ভূমিখিনিত চৰকাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু জিলা আদালত স্থাপন কৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত লৈছে। মাটিখিনি বেদখল থকাৰ বাবে চৰকাৰে উক্ত কাৰ্যালয় নিৰ্মাণৰ কাম কৰিব পৰা নাছিল। বিগত প্ৰায় ছয় মাহ ধৰি জিলা প্ৰশাসনে উক্ত মাটি খিনি খালী কৰি দিয়াৰ বাবে একাধিকবাৰ মৌখিক ভাৱে জাননি দিয়ে যদিও গাঁওবাসীয়ে জিলা প্ৰশাসনৰ জাননিৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। ফলত জিলা প্ৰশাসনে জেচিবি লৈ বৃহত সেনা বাহিনীৰ সহযোগত মাটিখিনি উচ্ছেদ চলাবলৈ যায়।

জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান দেখি অৱশেষত গাঁওবাসীয়ে জেচিপি চলাই উচ্ছেদ কৰাতকৈ নিজে নিজৰ ঘৰ ভাঙি ঘৰৰ পৰা সামগ্ৰী নিৰাপদ স্থানত নিবলৈ জিলা প্ৰশাসনৰ ওচৰত অনুৰোধ কৰাত প্ৰশাসনৰ পৰা ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায়। ফলত এফালৰ পৰা গাওঁবাসীয়ে নিজৰ নিজৰ ঘৰ ভাঙি ঘৰৰ ভিতৰত থকা যাৱতীয় সকলো সামগ্ৰী টানি নিৰাপদ স্থানত নিয়া পৰিলক্ষিত হয়। দিনৰ প্ৰায় ৪ বজালৈ ৮০ বিঘা ভূমিৰ প্ৰায় ৩০ বিঘা ভূমি উচ্ছেদ কৰা হয়। পৰবৰ্তী সময়ত অহা ২০ জানুৱাৰীৰ ভিতৰত গাওঁবাসীয়ে নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি ভূমিখিনি খালি কৰি দিব বুলি প্ৰশাসনক অৱগত কৰাৰ পাছত প্ৰশাসনে আজিৰ দিনত এই উচ্ছেদ অভিযান বন্ধ ৰাখে। অহা ২০ জানুৱাৰীৰ ভিতৰত মাটি খিনি গাওঁবাসীয়ে খালী কৰি নিদিলে ২১ তাৰিখৰ পৰা পুনৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জিলা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

মন কৰিবলগীয়া বিষয়া এয়া যে আজি জেচিবিৰ সহায়ত জিলা প্ৰশাসনে উচ্ছেদ অভিযান নচলালেও পথ উলিয়াবলৈ জেচিবিৰ সহায়ত এফালৰ পৰা গছ কাটি মাটি সমান কৰা পৰিলক্ষিত হয়। ইফালে জিলা প্ৰশাসনে এইদৰে হঠাত আজি উচ্ছেদ অভিযান চলাবলৈ অহাৰ ফলত গাওঁবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে বুলি একাংশ সচেতন ব্যক্তিয়ে অভিযোগ তোলে। মিন্টু নামৰ ভূক্তভূগী এজন যুৱকে সাংবাদিকৰ আগত কয় যে জিলা প্ৰশাসনে কেৱল মাত্ৰ মৌখিক ভাবে আমাক মাটি খালি কৰিবলৈ দিছিল যদিও লিখিত কোনো জাননী প্ৰদান কৰা নাই।

আনহাতে জিলা প্ৰশাসনে পুনৰ সংস্থাপনৰ বাবে যদিও মাটিৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু আজি এই মহূৰ্তত লোক সকলে কত যাৱ বা কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। একাংশ জনে কান্দি কান্দি ভাগি পৰা পৰিলক্ষিত হৈছে। প্ৰায় ১৫-২০ বছৰ পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ কবলত পৰি গৃহহীন হোৱা এনে লোক সকলে কোনো মতে দিন হাজিৰা কৰা টকাৰে উক্ত খাচ মাটি খিনি কিনিছিল যদিও জিলা প্ৰশাসনে এইদৰে ভাঙি দিয়াত তেওঁলোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে বুলি অভিযোগ তুলিছে।

ইফালে আজি উচ্ছেদ কৰা গাওঁখনৰ প্ৰতি গৰাকী লোকৰ নামত জিলা প্ৰশাসনে পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা হাতত লব বুলি জিলা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। কেবল মাত্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আদালৰ বাবে মাটি নথকাত উক্ত খাচ মাটি খিনি উচ্ছেদ কৰা হৈছে বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in