মৃত্যুৰ দুঘন্টাত পূৰ্বে সুশান্ত সিং ৰাজপুতে গুগলত কি বিচাৰিছিল, ক’লে আৰক্ষীয়ে…

মৃত্যুৰ দুঘন্টাত পূৰ্বে সুশান্ত সিং ৰাজপুতে গুগলত কি বিচাৰিছিল, ক’লে আৰক্ষীয়ে…

ডিজিটেল ডেস্কঃ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ হত্যাকাণ্ডক লৈ সোমবাৰে এক সংবাদমেল সম্বোধন কৰে মুম্বাই পুলিছ কমিচনাৰ পৰমবীৰ সিঙে। তেওঁ সংবাদমেলত কয় যে, এতিয়াও মুম্বাই আৰক্ষীয়ে তদন্তৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা নাই। গতিকে সমগ্ৰ ঘটনাৰ তদন্ত বিহাৰ আৰক্ষীক দিব নোৱাৰি।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, আত্মহত্যাৰ দুঘন্টাৰ পূৰ্বে সুশান্তই নিজৰ বিষয়ে গুগলত ছাৰ্জ কৰিছিল। সুশান্তৰ নাম আৰু তেওঁৰ সম্পৰ্কে গুগলত কি কি তথ্য মজুত আছে সেই সম্পৰ্কেও ছাৰ্জ কৰিছিল সুশান্তে। অভিনেতাগৰাকীয়ে গুগলত বায়পোলৰ আৰু আঘাত নোপোৱাকৈ মৃত্যু জাতীয় বিভিন্ন তথ্য গুগলত ছাৰ্জ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in