৩দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত ঊষা মংগেশকাৰ, শনিবাৰে ভাগ ল’লে উত্তৰ-পূব কৰ্কট হাস্পতালৰ অনুষ্ঠানত

৩দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত ঊষা মংগেশকাৰ, শনিবাৰে ভাগ ল’লে উত্তৰ-পূব কৰ্কট হাস্পতালৰ অনুষ্ঠানত

ডিজিটেল ডেস্কঃ ৩ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত ঊষা মংগেশকাৰ। শুকুৰবাৰে গুৱাহাটীলৈ অহা তাৰকা শিল্পী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও বিশেষ কাৰ্যসূচীত। মুম্বাইৰ পৰা বিয়লি ২.২৫ বজাত বিমানযোগে গুৱাহাটীত আহি উপস্থিত হয়হি শিল্পীগৰাকী। শুকুৰবাৰে নিশাটো মহানগৰীৰ টাজ ভিভান্টাত কটাই ঊষা মংগেশকাৰে।

শনিবাৰে তেওঁ ভাগ লয় উত্তৰ-পূব কৰ্কট হাস্পতালে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত। হাস্পতালখনৰ কৰ্কট ৰোগীৰ ৰেডিয়েচন শাখাটোৰ দ্বিতীয় গোটটোৰ শুভাৰম্ভ কৰে ঊষা মংগেশকাৰে। চিকিৎসালয়খনৰ অনুষ্ঠান সামৰি বিয়লি ভাগত শিল্পীগৰাকীয়ে ব্যতিক্ৰমৰ বঁটা প্ৰদান অনুষ্ঠানত ভাগ লয় বুলি জানিব পৰা গৈছে।

পুনৰ শনিবাৰে নিশাটো টাজ ভিভান্টাত কটাই উষা মংগেশকাৰে দেওবাৰে পুৱা ১১ বজাত ৰাজ্যখনৰ এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত অংশ ল'ব। তাৰ পিছতে দেওবাৰে দুপৰীয়া ১২.১৫ বজাত বেলতলাৰ দ্য লিগেচি ষ্টুডিঅ'ত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত বহুলোকে তেওঁক সম্বৰ্ধনা জনাব। উল্লেখ্য যে, বিয়লি ২.৫৫ বজাত গুৱাহাটীৰ পৰা তাৰকা শিল্পীগৰাকী উৰা মাৰিব মুম্বাইলৈ।

ইফালে অলকা য়াগনিকো আন কিছু কাৰ্যসূচীৰ সৈতে শুকুৰবাৰে উপস্থিত হয়হি গুৱাহাটীত। উল্লেখ্য যে, শুকুৰবাৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশিত এক বাতৰিত জনপ্ৰিয় শিল্পীদুগৰাকী অহাৰ দিনাই মুম্বাইলৈ উভতিব বুলি ভুলবশত প্ৰকাশ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in