ৰঙালাও গুটি খাব নে পেলাই দিব?

ৰঙালাও গুটি খাব নে পেলাই দিব?

ডিজিটেল ডেস্কঃ ৰঙালাও হয়তো আপোনাৰ প্ৰিয় খাদ্য। কিন্তু ৰঙালাওৰ গুটি আপুনি চাগে পেলাই দিয়ে। আজিৰ পৰা নেপেলাব।

আপুনি যদি জীমলৈ যায় তেন্তে আপোনাক পৰামৰ্শ দিয়া হয় আপুনি যিমান পাৰে প্ৰাকৃতিকভাৱে আহৰণ কৰা সুস্বাস্থ্য খাদ্য খাওক। তেনে খাদ্য বিচাৰি আপুনি হাহাকাৰ কৰিবলগীয়া হয়।

ক'তনো পাব সাৰ নিদিয়া প্ৰাকৃতিকভাৱে উৎপাদন কৰা ফল-মূল, শাক-পাচলি আদি। চিন্তা কৰিব নালাগে আপুনি। আপোনাক তেনে এক খাদ্যৰ সন্ধান দিম আজি। ৰঙালাও যিহেতু আপুনি খাই তেনেহ'লে ৰঙালাওৰ গুটি কেইটা আপুনি পেলাই নিদিব।

ৰঙালাওৰ গুটিয়ে আপোনাক দিব বিচাৰি থকা খাদ্যৰ সন্ধান। ৰঙালাও গুটিত কি আছে? সেয়া প্ৰথমে আপুনি জানি লওঁক।

ৰঙালাওৰ গুটিত থকা উপাদানসমূহৰ ভিতৰত উল্লেখ্যযোগ্য উপাদান হ'ল- জিংক, মেগনেছিয়াম, মেংগানিছ, কপাৰ, কেলছিয়াম আৰু ফচফৰাছ। ইয়াৰ উপৰিও ৰঙালাও গুটিত প্ৰটিন, অমেগা-থ্ৰী ফেটি এচিড, ভিটামিন বি, আৰু ভিটামিন এ-ৰ ভাল উৎস।

২৮গ্ৰাম ৰঙালাউৰ গুটিয়ে দিব পাৰে আপোনাক ১৫১ কেল'ৰি শক্তি। ইয়াত থকা ফাইবাৰৰ পৰিমাণ হ'ল ১.৭ গ্ৰাম। ৰঙালাও গুটিত থকা মেগনেছিয়ামে আপোনাক হৃদ ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব।

তাতোকৈ ডাঙৰ কথাটো হ'ল ছুগাৰ নিয়ন্ত্ৰণটো ই প্ৰভাৱ পেলায়। তেতিয়া হ'লে আপুনি কওঁক ৰঙালাউৰ গুটি আপুনি খাব নে পেলাই দিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in