সৰ্বশক্তিমান আমেৰিকাৰ অৰ্থনীতিত পৰা নাই কোৰোনা ভাইৰাছৰ প্ৰভাৱ…

সৰ্বশক্তিমান আমেৰিকাৰ অৰ্থনীতিত পৰা নাই কোৰোনা ভাইৰাছৰ প্ৰভাৱ…

ডিজিটেল ডেস্কঃ চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত কোৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সহস্ৰাধিক লোকৰ প্ৰাণহানিৰ লগতে বিশ্ব অৰ্থনীতিতো প্ৰভাৱ পেলাইছে এই মহামাৰী ভাইৰাছবিধে। কিন্তু লক্ষ্যণীয়ভাৱে কোৰোনা ভাইৰাছৰ প্ৰভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত অতি নগণ্য আৰু অস্থায়ী ভাৱেহে পৰিছে।

যিসময়ত ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত ইলেক্টনিক সামগ্ৰীৰ পৰা আদি কৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ'ব বুলি পূৰ্বানুমান কৰা হৈছে তেনেসময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক এনে ধাৰণা প্ৰকট কৰিছে অৰ্থনীতিবিদ সকলে।

চলিত বৰ্ষৰ ১৫ জানুৱাৰীত চীনৰ সৈতে আমেৰিকাৰ এক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ আধাৰতে ধাৰণা কৰা হৈছিল যে, কোৰোনা ভাইৰাছৰ ফলত আমেৰিকা যুক্তাৰাষ্ট্ৰৰ অৰ্থনীতি যথেষ্ট প্ৰভাৱ পৰিব। কিন্তু সেয়া নহ'ল, বিভিন্ন অৰ্থনৈতিক সমীক্ষাত পোৱা গ'ল যে, বিগত মাহৰ তুলনাত এইবৰ্ষটোত আমেৰিকাৰ আৰ্থিক স্থিতি অপৰিৱৰ্তনশীল অৱস্থাতে থাকিব।

আমেৰিকাৰ অৰ্থনীতিৰ চলিত ত্ৰিমাহীৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক বিকাশৰ হাৰ ০.১ শতাংশ কমাই ১.৫ শতাংশ হব বুলি অনুমান কৰা হৈছিল যদিও শেহতীয়াকৈ প্ৰকাশ পাইছে যে, ২০২১ৰ শেষৰলৈকে প্ৰত্যেক ত্ৰিমাহীতে আৰ্থিক বিকাশৰ হাৰ ১.৮ ৰ পৰা ২.০ লৈ বৃদ্ধি পাব। অৰ্থনীতিবিদ সকলে অনুমান কৰিছে যে, চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাহীত আৰ্থিক বিকাশৰ হাৰ ১.৮ শতাংশলৈ বৃদ্ধি পাব।

যি সময়ত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সহস্ৰাধিক লোকৰ মৃত্যু হৈছে, বিশ্বৰ কেইবাখনো দেশৰ অৰ্থনীতিত বৃহৎ প্ৰভাৱ পৰিছে তেনে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ এনে টনকিয়াল অৱস্থাই পুনৰ এবাৰ সৰ্বশক্তিমান যুক্তৰাষ্ট্ৰখনৰ প্ৰতিপত্তি বিশ্ববাসীৰ সমুখত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in