ভাৰতৰ সৈতে লগ লাগি আমেৰিকাই প্ৰস্তুত কৰিব কোৰোনাৰ ভেকচিন! ভাৰতক আমি ভেণ্টিলেটৰ দান কৰিমঃ ট্ৰাম্প

 ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ মহামাৰীৰ সময়ত আমাৰ ভাৰতীয় বন্ধুসকলক আমেৰিকাই ভেণ্টিলেটৰ দান কৰিম। এই অতিমাৰীৰ সময়ত শুকুৰবাৰে নিশা ১২.২০ বজাত এইদৰে এটা টুইট কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টুইটত লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছে, আমি এই মনহামাৰীৰ সময়ত ভাৰত আৰু নৰেন্দ্ৰ মোডীৰ সৈতে থাকিম। আমি ভেকচিন প্ৰস্তুতৰ সময়তো থাকিম ভাৰতৰ সৈতে। আৰু আমি একেলগে এই মহামাৰীক পৰাজিত কৰিম।

ইয়াৰ পূৰ্বে সংবাদমেলযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে-এই বছৰৰ শেষৰ ফালে COVID-19ৰ ভেকচিন প্ৰস্তুত হ'ব। "Operation Warp Speed" নামৰ এক প্ৰকল্পৰ আধাৰত ট্ৰাম্পে এই কাম চোৱা চিতাৰ বাবে এগৰাকী ফাৰ্মাচিউটিকেল এক্সিকিউটিভো নিযুক্তি দিছিল।

https://twitter.com/realDonaldTrump/status/1261368451555360774

হোৱাইট হাউছৰ ৰ'জ গাৰ্ডেনত সাংবাদিকৰ প্ৰশ্নত ডোনাল্ড ট্ৰাম্পে লগেত ভাৰতক প্ৰশংসা কৰি কৈছিল- মই কিছুদিন পূৰ্বে ভাৰতৰ পৰা আহিছো। আমি ভাৰতৰ সৈতে কাম কৰি আছো। ভাৰতৰ বহু লোক আমেৰিকাত আছে। লগতে এইসকল একাংশই ভেকচিন প্ৰস্তুতৰ কামত জড়িত হৈ আছে।

উল্লেখ্য যে, এতিয়ালৈকে আমেৰিকাত কোৰোনাৰ ফলত আক্ৰান্ত হৈছে ১,৪৮৪,২৮৫ গৰাকী লোক। ইফালে প্ৰাণ হেৰুৱাইছে ৮৮,৫০৭ গৰাকীয়ে। উল্লেখ্য যে, আমেৰিকাত কোৰোনাৰ পৰা আৰোগ্য হৈছে- ৩,২৭,৭৫১ গৰাকী লোক। কিছুদিন পূৰ্বে হাইড্ৰ'ক্সিক্লৰ'কুইন ভাৰতৰ পৰা নিছিল আমেৰিকাই। তেতিয়াও কোৰোনাৰ সময়ত ভাৰতৰ সৈতে আমেৰিকা আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in