শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী

শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী

ডিজিটেল ডেস্কঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰত সংঘটিত বিশ্ব কঁপাই যোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ১৯ বছৰৰ পিছত শনিবাৰে আফগানিস্তানত আমেৰিকা আৰু তালিবানৰ মাজত এক গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হ'ব। আনহাতে চুক্তিৰ সময়ত তালিবানৰ সৈতে জড়িত কোনো এক বিষয়ত প্ৰথমবাৰলৈ চৰকাৰীভাৱে অংশ ল'ব ভাৰতে।

আমেৰিকা আৰু তালিবানৰ মাজত হ'বলগীয়া শান্তি চুক্তিৰ এদিন পূৰ্বে কাবুলত উপস্থিত হয় ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা। বিদেশ সচিবগৰাকীয়ে আফগানিস্তানৰ বিদেশ মন্ত্ৰী হাৰুন চাখনচুৰীৰ সৈতে এক বৈঠকত মিলিত হৈ শান্তি চুক্তিক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আফগানিস্তানক মুকলি সমৰ্থন আগবঢ়ায়।

জানিব পৰা মতে, শনিবাৰে আফগানিস্তানৰ ডোহাত হ'বলগা আমেৰিকা আৰু তালিবানৰ শান্তি চুক্তিৰ পিছতে আফগানিস্তানত থকা আমেৰিকান সেনাৰ ১৮ বছৰৰ পিছত স্বদেশলৈ ঘূৰি যোৱাৰ বাট মুকলি হ'ব। ইফালে এই শান্তি চুক্তি প্ৰক্ৰিয়ালৈ সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবীশ কুমাৰে টুইটযোগে জানিবলৈ দি কয়, 'আফগানিস্তানত শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবে দেশখনে যি প্ৰয়াস কৰিছে, তাৰ প্ৰতি ভাৰতে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in