আমেৰিকাৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়ে জনালে দীপাৱলীৰ শুভেচ্ছাঃ হোৱাইট হাউচত উদযাপন কৰিলে দীপাৱলী…

আমেৰিকাৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়ে জনালে দীপাৱলীৰ শুভেচ্ছাঃ হোৱাইট হাউচত উদযাপন কৰিলে দীপাৱলী…

ডিজিটেল ডেস্কঃ কেৱল ভাৰততে নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰতো উদযাপিত হৈছে দীপাৱলী। আমেৰিকাৰ প্ৰবাসী ভাৰতীয়সকলেও উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে আমেৰিকাত বাস কৰা ভাৰতীয়সকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হিন্দু, শিখ, বৌদ্ধ আৰু জৈনসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

টুইটাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউচত দীপাৱলী উদযাপন কৰাৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, দীপাৱলীৰ পোহৰে আমাক অন্ধকাৰৰ পৰা জ্ঞানলৈ লৈ যাব। হোৱাইট হাউচৰ হৈ দীপাৱলীৰ শুভেচ্ছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে বাস কৰা হিন্জু, শিখ, বৌদ্ধ আৰু জৈনসকললৈ প্ৰেৰণ কৰিছো। আনহাতে ভৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও দীপাৱলীৰ শুভেচ্ছা জনাইেছ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in