ষ্টেট অৱ দ্য ইউনিয়নঃ কৰা নাছিল কৰমৰ্দন, ট্ৰাম্পৰ সন্মুখতে নিম্ন সদনৰ অধ্যক্ষই ফালিলে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতিলিপি…

ষ্টেট অৱ দ্য ইউনিয়নঃ কৰা নাছিল কৰমৰ্দন, ট্ৰাম্পৰ সন্মুখতে নিম্ন সদনৰ অধ্যক্ষই ফালিলে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতিলিপি…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বুধবাৰে 'ষ্টেট অৱ দ্য ইউনিয়ন এড্ৰেছ'ৰ জৰিয়তে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দুয়োখন সদনৰ ভাৱ বিনিময় অধিৱেশন সম্বোধন কৰে। উল্লেখ্য যে, এয়া ৰাষ্ট্ৰপতিগৰাকীৰ তৃতীয়খন 'ষ্টেট অৱ দ্য ইউনিয়ন' সম্বোধন আছিল। ইফালে ট্ৰাম্পে নিজৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেন্টিটিভৰ অধ্যক্ষ নেনছী পেলোছে ৰাষ্ট্ৰপতিগৰাকীক অভিবাদন জনোৱাৰ উদ্দেশ্যি কৰমৰ্দনৰ বাবে হাত আগবঢ়ায় যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে সেয়া উপেক্ষা কৰা পৰিলক্ষিত হয়। তাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ সমাপ্ত কৰাৰ পিছত নেনছী পেলোছে সকলোৰে সন্মুখত ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ প্ৰতিলিপি ফালি পেলায়।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাষণৰ গুৰুত্বপূৰ্ণ কথাসমূহ-

  • ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে বিশ্বৰ ভিতৰতে এতিয়া প্ৰাকৃতিক গেছ আৰু তেল উৎপাদনত আমেৰিকা সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, 'মোৰ চৰকাৰে ৩ বছৰতে ৩৫ লাখ লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে।'
  • বৃহৎ, সমৃদ্ধিশালী আৰু পূৰ্বতকৈ অধিক শক্তিশালী হোৱাৰ যি সপোন আমেৰিকাই দেখিছিল, সেয়া সফল হোৱাৰ দিশে এতিয়া আমেৰিকা আগবাঢ়িছে।
  • মোৰ শাসনকালত আমেৰিকাই কট্টৰপন্থী মুছলিম সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে।
  • যোৱা সপ্তাহত মই ইজৰাইল আৰু ফিলিস্তিনীয়াৰ মাজত শান্তি স্থাপনৰ বাবে এক সুন্দৰ আঁচনি ঘোষণা কৰিছো। মই স্বীকাৰ কৰো যে আমাৰ পূৰ্বৰ সকলো প্ৰয়াস বিফল হৈছিল, কিন্তু আমি এই দিশটো সুস্থিৰ কৰিবলৈ দৃঢ় আৰু ৰচনাত্মক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব।
  • ইৰানী চৰকাৰে তেওঁলোকৰ পৰমাণু অস্ত্ৰৰ ওপৰত কাম কৰিবলৈ এৰি দিয়া উচিত। তেওঁলোকে সন্ত্ৰাস, মৃত্যু আৰু ধ্বংস কাৰ্য বন্ধ কৰি দিয়া উচিত আৰু নিজৰ লোকসকলৰ ভালৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰা উচিত।
  • আমাৰ শক্তিশালী নিষেধাজ্ঞাৰ বাবে ইৰানী অৰ্থব্যৱস্থাৰ এতিয়া যথেষ্ট অৱনতি ঘটিছে। আমি সেই মন্দাৱস্থাৰ পৰা অতি কম সময়ত আৰু সঠিকভাৱে মুক্তি দিয়াৰ বাবে ইৰানক সহায় কৰিব পাৰো। কিন্তু হয়তো তেওঁলোকে অতি অহংকাৰ অথবা মুৰ্খামীৰ বাবে আমাক সহায়ৰ বাবে সুধিব বিচৰা নাই। তেওঁলোকে কোনটো পথ বাচি লয়, সেয়া তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব।
  • তিনি বছৰ পূৰ্বে আইএছআইএছৰ বৰ্বৰ লোকসকলে ইৰাক আৰু চিৰিয়াৰ প্ৰায় ২০ হাজাৰ বৰ্গ মাইল অঞ্চল দখল কৰি লৈছিল। আজি আইএছআইএছৰ অস্তিত্ব প্ৰায় নিঃশেষ হৈ পৰিছে আৰু সংগঠনটোৰ প্ৰতিষ্ঠাপক আৰু নেতা অল বাগদাদীৰো মৃত্যু হৈছে। তিনি বছৰীয়া কাৰ্যকালত আমেৰিকাই সেই গতিৰে আগবাঢ়িছে, যিটো আগতে কল্পনাও কৰিব পৰা হোৱা নাছিল।
  • আমেৰিকা প্ৰশাসনে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত অধিক দৃঢ়তাৰে কাম কৰিছে। আমি আমাৰ নাগৰিকসকলৰ প্ৰতি দায়বদ্ধ। আমি পশ্চিম এছিয়াত আমেৰিকান যুদ্ধৰ অন্ত পেলোৱাৰ বাবে কাম কৰি আছো।
  • চীনে দশক ধৰি আমেৰিকাৰ সুযোগ গ্ৰহণ কৰি আছিল। কিন্তু এতিয়া আমি সকলো সলনি কৰি পেলাইছো। কিন্তু তাৰ মাজতো আমাৰ আৰু চীনৰ মাজত এক সদ্ভাৱমূলক সম্পৰ্ক স্থাপন হৈছে। এই সম্পৰ্ক পূৰ্বতকৈ অধিক মজবুত। কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে আমি চীনৰ সৈতে লগ লাগি তাৰ সমাধানৰ সন্ধান কৰিছো।
  • কিছুদিন পূৰ্বে আমি চীনৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰো কৰিছিলো। যিয়ে আমাৰ কৰ্মচাৰী সকলৰ সুৰক্ষা নিশ্চিত কৰিব, বৌদ্ধিক সম্পদ সুৰক্ষিত কৰিব। এই চুক্তিয়ে অৰ্থনীতিৰ দিশতো বহু নতুনত্ব আনিব।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই ভাষণ স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা ৯ বজাত অৰ্থাৎ ভাৰতীয় সময়ানুসৰি বুধবাৰে পুৱা ৭.৩০ বজাত আৰম্ভ হয়। ৰাষ্ট্ৰপতিৰ তৃতীয় ষ্টেট অৱ দ্য ইউনিয়নৰ বিষয় আছিল 'গ্ৰেট আমেৰিকান কামবেক'। এই কাৰ্যসূচী হোৱাইট হাউচৰ লগতে বিশ্বৰ কেইবাটাও সংবাদ নেটৱৰ্কযোগে সম্প্ৰচাৰণ কৰা হয়।

প্ৰণিধানযোগ্য যে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত হৈছে ক্ষমতাৰ অপপ্ৰয়োগ আৰু ন্যায়ত বাধা প্ৰদানৰ মহাভিযোগ প্ৰস্তাৱ। এই মহাভিযোগৰ প্ৰস্তাৱৰ ওপৰত বুধবাৰে ভোটিং কৰা হ'ব। যাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকী দোষী সাব্যস্ত হয় নে নহয় সেয়া নিশ্চিত হ'ব। ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগৰ প্ৰস্তাৱৰ মাজতে তেওঁৰ ষ্টেট অৱ দ্য ইউনিয়নৰ সম্বোধনক লৈ আলোচনা চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in