আমেৰিকা চৰকাৰৰ নতুন নিয়ম, ভিছা আৱেদনকাৰীয়ে জমা দিব লাগিব ছ’চিয়েল মিডিয়াৰ তথ্য…

আমেৰিকা চৰকাৰৰ নতুন নিয়ম, ভিছা আৱেদনকাৰীয়ে জমা দিব লাগিব ছ’চিয়েল মিডিয়াৰ তথ্য…

ডিজিটেল ডেস্কঃআমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ভিছা সন্দৰ্ভত জাৰি কৰিলে নতুন নিয়ম। এই নতুন নিয়ম অনুসৰি আমেৰিকাৰ ভিছাৰ বাবে আৱেদন কৰা প্ৰায় প্ৰতিজন ব্যক্তিয়ে দাখিল কৰিব লাগিব তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ তথ্য। অৰ্থাৎ যোৱা ৫ বছৰত ইমেইল এড্ৰেছ, ফোন নম্বৰ তথা ছ'চিয়েল মিডিয়াৰ নাম জমা দিব লাগিব।

যোৱা বছৰত যেতিয়া এই প্ৰস্তাৱ উত্থাপন কৰা হৈছিলতেতিয়া অনুমান কৰা হৈছিল যে প্ৰতিবছৰে প্ৰায় ১.৪৭ কোটি লোক প্ৰভাৱিত হ'ব। কিন্তু কিছুমানচৰকাৰী ভিছাৰ ক্ষেত্ৰত এই নিয়ম নাথাকিব। বিবিচিৰ এক সমীক্ষা অনুসৰি, কৰ্মসূত্ৰে বাঅধ্যয়নৰ বাবে আমেৰিকালৈ যোৱা লোকসকলে জমা দিব লাগিব এই তথ্যসমূহ।

বিভাগটোৱে জনোৱা মতে, 'আমেৰিকাৰ আইনৰ সমৰ্থনজনায় ৰাষ্ট্ৰখনৰ নাগৰিকৰ সুৰক্ষাৰ বাবে আমি এই পদক্ষেপ গ্ৰহণ কৰিছো।' ইফালে, এজনবিষয়াই এই সন্দৰ্ভত কয় যে, ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ ভুৱা তথ্য জমা কৰা জনৰবিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in