প্ৰতিশোধ ল’লে আমেৰিকাই…

প্ৰতিশোধ ল’লে আমেৰিকাই…

ডিজিটেল ডেস্কঃ কাবুল বিমানবন্দৰত আত্মাঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই আক্ৰমণৰ প্ৰতিশোধ লোৱা হ'ব বুলি হুংকাৰ দিছিল। ইয়াৰ পাছতে আমেৰিকান সেনাই আই এছৰ ঘাটীত ড্ৰোন আক্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে।

কাবুলত বৃহস্পতিবাৰে ইছলামিক ষ্টেট-খোৰচানা নামেৰে পৰিচিত সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ লগত আই এছৰ ঘাটীতে শুক্ৰবাৰে ড্ৰোণ আক্ৰমণ কৰে আমেৰিকান সেনাই। এই বিষয়ে মাৰ্কিন সেনাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

জানিব পৰা মতে আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশত আই এছৰ ঘাটীত ড্ৰোণ আক্ৰমণ কৰি 'লক্ষ্য'ক নিহত কৰা হৈছে বুলি মাৰ্কিন সেনাৰ এজন বিষয়াই সদৰী কৰিছে। ইফালে আমেৰিকান সেনাই কৰা এই প্ৰত্যাক্ৰমণে আফগানিস্তানত পুনৰ অশান্তিৰ সৃষ্টি কৰিব বুলি আশাংকা কৰা হৈছে। তালিবানৰ উত্থানৰ সমান্তৰালকৈ আই এছৰ দৰে সংগঠনেও দেশখনত থিতাপি লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in