পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য…

পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য…

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষই জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তত অসন্তুষ্ট হৈ পাকিস্তানে বিগত সময়ত বহু ভাৰত বিৰোধী কাৰ্য-কলাপ সংঘটিত কৰিছে। সীমান্তত সৈনিক সকলক আক্ৰমণ কৰাৰ উপৰি ভাৰতৰ সৈতে সকলো চুক্তি বাতিল কৰিছে পাকিস্তানে। কিন্তু আৰ্থিক দিশত অতিকৈ দুৰ্বল পাকিস্তানক শেহতীয়াকৈ মোক্ষম আঘাত দিলে আমেৰিকাই।

আৰ্থিক দিশত অতিকৈ দুৰ্বল পাকিস্তানক সেনা বাহিনীৰ পৰা বিভিন্ন কাম-কাজত আৰ্থিক সাহায্য প্ৰদান সহায় কৰে সৰ্বশক্তিমান আমেৰিকাই।কিন্তু বিগত বৰ্ষত পাকিস্তানৰ ইছলামাবাদত সন্ত্ৰাসবাদ নিৰ্মূল কৰিব নোৱাৰাৰ বাবে আমেৰিকাই পাকিস্তানী সেনাৰ বাবে দিয়া ৩০০ মিলিয়ন ডলাৰ কৰ্তন কৰিছিল। ইয়াৰ পাছতে শনিবাৰে এক খবৰ আহিছে যে আমেৰিকাই ইনহেস্ত পাটনাৰশ্বিপ এগ্ৰিমেন্ট-২০১০(PEPA) অধীনত পাকিস্তানক প্ৰদান কৰা আৰ্থিক সাহায্যৰ ৪৪ কোটি ডলাৰ কৰ্তন কৰিছে।

উল্লেখ্য যে, ২০০৯ চনত আমেৰিকা আৰু পাকিস্তানৰ মাজত হৈছিল এই চুক্তি। এই চুক্তিৰ অধীনত আমেৰিকাই পাকিস্তানক ৭.৫ বিলিয়ন ডলাৰ আৰ্থিক সাহায্যৰ প্ৰদানৰ কথা আছিল। চুক্তিৰ অধীনত এই বৰ্ষত আমেৰিকাই পাকিস্তানক দিবলগীয়া আছিল ৪.৫ বিলিয়ন ডলাৰ।ইয়াৰ পৰা কৰ্তন কৰা হৈছে ৪৪ কোটি ডলাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in