১০০টা পইতাচোৰাৰ বাবদ ডেৰ লাখ টকা! কোন কোম্পানীয়ে দিলে এই অফাৰ…

১০০টা পইতাচোৰাৰ বাবদ ডেৰ লাখ টকা! কোন কোম্পানীয়ে দিলে এই অফাৰ…

ডিজিটেল ডেস্কঃ বহু কোম্পানীয়ে বহু সময়ত বিভিন্ন ধৰণৰ অফাৰ দিয়ে। কিন্তু শেহতীয়াকৈ এটা কোম্পানীৰ বিশেষ তথা সকলোকে আচৰিত কৰি দিব পৰা এটা অফাৰে চকু কপালত তুলিছে। আপুনিও এই অফাৰৰ বিষয়ে যেতিয়া জানিব তেতিয়া হয়তো বিশ্বাস কৰিবলৈকে টান পাব।

কীট-পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ সম্পৰ্কে পৰীক্ষা চলাবলৈ এটা কোম্পানীয়ে বিজ্ঞাপন জাৰি কৰিছে যে, যদিহে কোনো এজন লোকে তেওঁৰ ঘৰতখনত ১০০টা পইতাচোৰা থকাটো দেখাব পাৰে বা প্ৰমাণ কৰিব পাৰে তেনে লোকক প্ৰদান কৰা হব ডেৰ লাখ টকা।

এই ডেৰলাখ টকাৰ বিনিময়ত কোম্পানীটোয়ে ৩০টা দিন উক্ত ঘৰখনত কীট-পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ সম্পৰ্কে বিভিন্ন ধৰণে পৰীক্ষা চলাব। আচৰিত যেন লাগিলেও আমেৰিকাৰ এটা কোম্পানীয়ে এইদৰে মুকলিকৈ বিজ্ঞাপন জাৰি কৰিছে। তেওঁলোকৰ মতে, ১০০টা পইতাচোৰাৰ বাবদ প্ৰদান কৰা হব ২০০০ডলাৰ।

এই বিজ্ঞাপনটোত কিছু চৰ্তৰ কথাও উল্লেখ কৰিছে কোম্পানীটোৱে। পৰীক্ষা চলি থকা এই ৩০টা দিনত ঘৰৰ লোকে পইতাচোৰা নিয়ন্ত্ৰণৰ বাবে কোনো কীটনাশক ব্যৱহাৰ কৰিব নোৱাৰিব। অৱশ্যে ৩০দিনৰ পিছত পইতাচোৰা নিয়ন্ত্ৰণৰ বাবে কোম্পানীটোৱে নিজেই ব্যৱস্থাগ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে।

সেয়া যি কি নহলেও, শেহতীয়াকৈ ১০০টা পইতাচোৰাৰ বাবদ ডেৰলাখ টকা প্ৰদান কৰা এই বিজ্ঞাপনে সকলোকে আচৰিত কৰাৰ লগতে হাঁহিৰ খোৰাকো দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in